এজাক বৰষুণতে জলমগ্ন বৰপথাৰ নগৰৰ মূল পথ

সৰুপথাৰ সমজিলাৰ বৰপথাৰ নগৰখনো শেহতীয়াকৈ এজাক বৰষুণতে সঘনাই জলমগ্ন হোৱাত ৰাইজে অতি আহুকলীয়া পৰিবেশৰ সন্মুখীন হৈছে। উল্লেখ্য যে এজাক বৰষুণৰ পিছতে নগৰখনৰ মূল পথকেইটাত একাঠু পানী হয়।

author-image
Asomiya Pratidin
New Update
gjgf

ডিজিটেল সংবাদ,উৰিয়ামঘাট : সৰুপথাৰ সমজিলাৰ বৰপথাৰ নগৰখনো শেহতীয়াকৈ এজাক বৰষুণতে সঘনাই জলমগ্ন হোৱাত ৰাইজে অতি আহুকলীয়া পৰিবেশৰ সন্মুখীন হৈছে। উল্লেখ্য যে এজাক বৰষুণৰ পিছতে নগৰখনৰ মূল পথকেইটাত একাঠু পানী হয়।

Advertisment

নগৰখনত এনে পৰিবেশ সৃষ্টি হোৱাৰ মূলতে পথৰ দুয়োকাষে পানী নিষ্কাষণৰ বাবে নিৰ্মাণ কৰা নলাসমূহ বিজ্ঞানসন্মত তথা পৰিকল্পিতভাৱে নিৰ্মাণ নকৰাৰ বাবেই শেহতীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। তদুপৰি নগৰখনৰ আশে-পাশে থকা জলাশয়সমূহ নোহোৱা হোৱাৰ বাবেও নগৰখনৰ বাসিন্দাসকলে আজিৰ পৰিস্থিতিৰ সন্মুখীন হৈছে।

নগৰখনৰ উপকণ্ঠ অঞ্চলৰ জলাশয়সমূহ পুতি জধে-মধে গৃহনিৰ্মাণ আদি কৰাও এনে পৰিস্থিতিৰ অন্যতম কাৰক হিচাপে ৰাইজে চিহ্নিত কৰিছে। যাৰ ফলত নগৰখনৰ ব্যৱসায়ী সকলৰ লগতে বিভিন্ন স্কুল কলেজ, কাৰ্যালয়, ব্যৱসায় আদিৰ সৈতে জড়িতসকল সমস্যাৰ সন্মুখীন হৈছে।

শেহতীয়াকৈ নগৰখনৰ মূল পথকেইটাৰ অধিকাংশত পানী জমা হোৱাৰ ফলত পথৰ কেতবোৰ অংশত গাঁতৰ সৃষ্টি হোৱাত সুগম যাতায়তৰ ক্ষেত্ৰত ব্যাঘাত জন্মাৰ উপক্ৰম ঘটিছে। উক্ত সমস্যা সমাধানৰ বাবে শীঘ্ৰে ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিবৰ বাবে ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ।

বৰষুণ