/asomiyapratidin/media/media_files/2025/05/04/FIYeSdRKwRxESM3z2LX8.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰে নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত ঘগ্ৰাপাৰ জিলা পৰিষদৰ প্রার্থীৰ প্ৰচাৰৰ বাবে নলবাৰীৰ ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত ভাৰতীয় জনতা পার্টি আৰু অসম গণ পৰিষদ মিত্রজোঁটৰ বিশাল নির্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে ইতিমধ্যে কার্যকৰী কৰা উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী বৰুৱাই এই যাত্ৰা অব্যাহত ৰাখিবলৈ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকলক ভোট দিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্ৰী ড° শৰ্মাই অসমৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে মন্ত্ৰী বৰুৱাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীৰ নেতৃত্বত ঘগ্ৰাপাৰৰ সমীপত মেডিকেল কলেজ, অভিযান্ত্ৰিক কলেজ, অসম মালা আঁচনিৰ অধীনত ৰাস্তা, উৰণ সেতু আদি নিৰ্মাণ কৰা, শিক্ষানুষ্ঠান, সামাজিক-আধ্যাত্মিক আদি অনুষ্ঠানৰ উন্নয়ন কৰা আদি বিভিন্ন কল্যাণমূলক আঁচনি সন্দৰ্ভত উল্লেখ কৰে।
/asomiyapratidin/media/media_files/2025/05/04/JHZjOZ8cDhaYYdfWSmNT.jpg)
যোগ্য হিতাধিকাৰীক বিভিন্ন চৰকাৰী আঁচনি প্ৰদানৰ যোগেদি সহায় কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে সভাত উল্লেখ কৰে। প্ৰচাৰ সভাতে কংগ্ৰেছ দলৰ দিনৰ অপশাসন, দুৰ্নীতি আদিৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী বৰুৱাই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতি তথা বৰ্তমানৰ সাংসদৰ নাবালক সন্তানে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰা বিষয়ক তীব্ৰ সমালোচনা কৰে।
মন্ত্ৰী বৰুৱাই কয় যে ৰাষ্ট্ৰৰ প্ৰতি একো দায়িত্ব নথকা কংগ্ৰেছ দল তথা সাংসদগৰাকী ৰাইজৰ ওচৰত জবাবদিহি হ'ব লাগিব। কংগ্ৰেছ দলক সমূলঞ্চে উৎখাট কৰাটো ৰাইজৰ প্ৰধান দায়িত্ব বুলি মন্ত্ৰীজনে উল্লেখ কৰে।
/asomiyapratidin/media/media_files/2025/05/04/B2mlEy6g7Q4Xd0FnxXdw.jpg)
বিজেপি চৰকাৰৰ মূল লক্ষ্য হ'ল সম বিকাশ, সৰ্বাংগীণ উন্নয়ন, সৰ্বস্তৰৰ ৰাইজৰ উন্নয়নৰ হকে বিজেপি চৰকাৰখনে কাম কৰি গৈ আছে বুলি মন্ত্ৰীজনে উল্লেখ কৰি কয় যে, বিজেপি মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ অগাধ বিশ্বাস, আস্থা প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাত পৰিলক্ষিত হৈছে। ৰাইজে দলে-বলে আহি বিজেপিৰ প্ৰচাৰ সভাসমূহত যোগদান কৰি দলৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰিছে।
/asomiyapratidin/media/media_files/2025/05/04/lwGlPjplt1HMxlqWfbw8.jpg)
এইবাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ ১০০ শতাংশই নিশ্চিত হৈছে। এতিয়া মাত্ৰ আনুষ্ঠানিকতাহে বাকী আছে বুলি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে।