ডিজিটেল ডেস্কঃ কোচবিহাৰৰ মধুপুৰ সত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা মধুপুৰ মহোৎসৱৰ বুধবাৰে সন্ধিয়া সামৰণি পৰে৷ মধুপুৰ সত্ৰৰ পৰা উত্তৰ-বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয় ৰক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে এক বিবৃতি যোগে জনোৱা মতে, বুধবাৰে পুৱা মধুপুৰ সত্ৰৰ পৰা ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হয় ৷
শোভাযাত্ৰাত ভাগৱত বহন কৰে শৰণাচাৰ্য বীৰেন্দ্ৰ নাথ পাঠকে ৷মধুপুৰ সত্ৰৰ পৰা উলিওৱা ভাগৱত শোভাযাত্ৰাত নামকীৰ্তনীয়া, গায়ন বায়ন,ভকত আৰু আইসকলে অংশগ্ৰহণ কৰে ৷মধুপুৰ সত্ৰৰ চাৰিওঁ হ্ৰদ পৰিভ্ৰমণ কৰা সময়ছোৱাত বংগভাষী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুগামী ভকত বৈষ্ণৱ সকলে পদুলিয়ে পদুলিয়ে ধূপ-ধুনাৰে ভাগৱত শোভাযাত্ৰাক আদৰণি জনায় ৷
পিছত মধুপুৰ সত্ৰৰ কীৰ্তন ঘৰত পালনাম অনুষ্ঠিত হয় ৷বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী নাৰায়ন পাঠকে পৰিচালনা কৰে ৷ শেষত গুৰুঘাট পৰিবেশন কৰে নাৰায়ণ চন্দ্ৰ ওজাৰ পৰিচালনাত শংকৰদেৱ কলা ক্ষেত্ৰ, বৰপেটাৰ শিল্পী সকলে ৷ পালনামৰ শেষত থিয় নাম সমাৰোহ অনুষ্ঠিত হয় ৷ থিয়নাম সমাৰোহ মুকলি কৰে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে ৷
থিয় নামত বৰপেটাৰোড শাখা সত্ৰৰ মহিলা দল ,হাউলীৰ পুৰুষৰ নাম দল ৷ জিনকাটা ৰাজহুৱা নাম দল,সুন্দৰীদিয়া-বামুনা সত্ৰৰ পুৰুষ নাম দল,ৰামৰায় কুঠি সত্ৰৰ পুৰুষ নাম দল,জিনকাটা ন সত্ৰৰ নাম দল,গৌৰীপুৰ নাম দল আৰু গুৱাহাটীৰ মহিলা নাম দলে থিয় নাম পৰিবেশন কৰে ৷
মধুপুৰ মহোৎসৱৰ মুখ্য সম্পাদক, ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ পৰিচালনাত অনুষ্ঠিত মুকলি সভা উদ্ধোধন কৰে অসম সত্ৰ মহাসভাৰ সভাপতি তথা ৰাম ৰাই কুঠী সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীয়ে ৷ উদ্ধোধনী ভাষণ প্ৰসংগত মধুপুৰ সত্ৰত ভকতিৰ মধু পান কৰিবলৈ অহা অসম আৰু বংগৰ বিভিন্ন সত্ৰৰ ভকত বৈষ্ণৱক মধুপুৰ সত্ৰৰ বিষয়ে বিশদ ভাবে ব্যাখ্যা কৰে তেওঁ ।
পূৰ্ববংগত থকা গুৰুদ্বাৰ সমুহ যেনেদৰে ৰক্ষা কৰিবলৈ সমস্ত শিখ সম্প্ৰদায়ৰ লোক সকলে আগবাঢ়ি আহিছে ঠিক তেনে দৰে উত্তৰবংগত থকা মহাপুৰুষ গৰাকীৰ মহাপ্ৰয়াণৰ স্থান মধুপুৰ সত্ৰ আৰু ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলৰ সত্ৰ সমুহক ৰক্ষা কৰিবলৈ অসমৰ ৰাইজলৈ আহ্বান জনায় ৷মুকলি সভাত পশ্চিম বংগৰ প্ৰাক্তন মন্ত্ৰী তথা কোচবিহাৰ পৌৰ সভাৰ পৌৰপতি ৰবীন্দ্ৰ ঘোষক মধুপুৰ মহোৎসৱ সমিতিয়ে সম্বৰ্ধনা জনায় ৷
সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণ প্ৰসংগত ৰবীন্দ্ৰ ঘোষে নদীৰ পাৰত কীৰ্তন ঘৰ বান্ধি পৰ্যটন স্থলীলৈ পৰিবৰ্তন কৰা আৰু মধুপুৰ সত্ৰৰ উন্নয়নমূলক কাম কৰাৰ আশ্বাস দিয়ে ৷ অসমৰ কৃষ্টিৰ লগত বংগৰ বহু কৃষ্টিৰ মিল আছে ৷অসমৰ লগত বংগৰ মিত্ৰতাৰ যোগসূত্ৰ হ'ল সকলোৰে নমস্য মধুপুৰ ধাম ৷
সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰে একতাৰ যোগসূত্ৰ স্থাপন কৰিব পাৰো ৷মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ স্থানৰ উন্নতি কৰিব পাৰিলে মহাপুৰুষ গৰাকীক প্ৰকৃত সন্মান জনোৱা হ'ব বুলি উল্লেখ কৰে ৷
ইপিনে বংগৰ বিশিষ্ট নাট্যকাৰ দ্বীপায়ন ভট্টাচাৰ্যক সম্বৰ্ধনা জনোৱা হয় ৷সম্বৰ্ধনা গ্ৰহণ কৰি ভট্টাচাৰ্যই মহাপুৰুষ গৰাকীয়ে অংকীয়া নাটৰ জড়িয়তে সকলোকে একত্ৰিত কৰিব পাৰিছিল বুলি উল্লেখ কৰে ৷আন এগৰাকী বিশিষ্ট ব্যক্তি প্ৰিয়ব্ৰত বৰ্মনকো সম্বৰ্ধনা জনোৱা হয় ৷ আজিৰ মুকলি সভাত বৰপেটা সত্ৰৰ নৱনিৰ্বাচিত বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসক মধুপুৰ মহোৎসৱ উদযাপন সমিতিয়ে উস্ম সম্বৰ্ধনা জনায় ৷
সম্বৰ্ধনা গ্ৰহণ কৰি ডঃ বাবুল চন্দ্ৰ দাসে মধুপুৰ সত্ৰক উজ্জীৱিত কৰিবলৈ নৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷
আজিৰ এই সভাত বিভিন্ন সত্ৰৰ বিষয়ববীয়াসকল উপস্থিত আছিল । সন্ধিয়া যোৰহাটৰ নৃসিংহ গোষ্ঠীয়ে সীতা হৰণ বালি বধ ভাওনা পৰিবেশন কৰে ৷