অভিনৱ শিল্প কৰ্মৰে জিলিকি উঠিছে লিম্পী পাঠক...

নতুন ধাৰাৰ চিত্ৰশিল্প আৰম্ভ কৰি জনপ্ৰিয় হৈ পৰা সন্ন্যাসিনীয়ে বৰ্তমান প্ৰস্তুত কৰিছে বিভিন্ন গ্ৰন্থৰ বেটুপাত সম্বলিত লকেট ৷ ব্যতিক্ৰমী চিন্তাধাৰা তথা অসাধাৰণ প্ৰতিভাৰে নিজৰ হাততে বহু উপন্যাসৰ বেটুপাত অংকন কৰা লিম্পী পাঠক

author-image
Asomiya Pratidin
New Update
অভিনৱ শিল্প কৰ্মৰে জিলিকি উঠিছে লিম্পী পাঠক...

ডিজিটেল সংবাদ, কাজিৰঙা : ভগা জুপুৰীত সৃষ্টিশীল শিল্পৰ সাধনা ! পৰিৱেশে অন্তৰায় সৃষ্টি কৰিলেও তাৰ মাজতেই প্ৰকাশিত হয় শিল্পী মনৰ সৃষ্টিশীলতা ৷ তাৰেই এক নিদৰ্শন হৈ পৰিছে কাজিৰঙাৰ লিম্পী পাঠক ওৰফে সন্ন্যাসিনী ৷ 

Advertisment

নিজৰ হাতত ব্যতিক্ৰমীভাৱে উপন্যাসৰ বেটুপাত অংকনেৰে সমাদৃত হোৱা সন্ন্যাসিনী এতিয়া ব্যস্ত ছাবিৰ ৰিং প্ৰস্তুতত ৷ বিনন্দীয়া পৃথিৱীৰ সৌন্দৰ্য্য পিপাসুসকলৰ মাজৰে এগৰাকী যুৱতী এইগৰাকী ৷ ৰং তুলিকাৰে সময় পাৰ কৰা যুৱতীগৰাকী ইতিমধ্যে বহুজনৰে পৰিচিত ৷ 

নতুন ধাৰাৰ চিত্ৰশিল্প আৰম্ভ কৰি জনপ্ৰিয় হৈ পৰা সন্ন্যাসিনীয়ে বৰ্তমান প্ৰস্তুত কৰিছে বিভিন্ন গ্ৰন্থৰ বেটুপাত সম্বলিত লকেট ৷ ব্যতিক্ৰমী চিন্তাধাৰা তথা অসাধাৰণ প্ৰতিভাৰে নিজৰ হাততে বহু উপন্যাসৰ বেটুপাত অংকন কৰা লিম্পী পাঠক নামৰ এই ছোৱালীজনীয়ে এতিয়া এই কৰ্মৰ জৰিয়তে বিচাৰি পাইছে স্বাৱলম্বিতাৰ পথ ৷

উল্লেখযোগ্য যে, কিতাপ পঢ়ি ভাল পোৱা লিম্পীয়ে এতিয়া যেন সৃষ্টিশীলতাৰ আখৰাতহে ব্যস্ত ৷ লিম্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে পেলনীয়া সামগ্ৰীয়েও ৷

kaziranga