অনিৰ্দিষ্ট সময়লৈ পিছুৱালে এক্সিয়াম-৪ৰ উৎক্ষেপণ

পুনৰ পিছুৱাই দিয়া হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংসু শুক্লা আৰু আন তিনিজনক কঢ়িয়াই নিবলগীয়া মহাকাশযান এক্সিয়াম-৪ৰ উৎক্ষেপণ। স্পেচএক্সে এই ঘোষণা কৰিছে এই তথ্য।

author-image
Asomiya Pratidin
New Update
চতুৰ্থবাৰৰ বাবে পিছুৱাই দিয়া হ’ল উৎক্ষেপণ

চতুৰ্থবাৰৰ বাবে পিছুৱাই দিয়া হ’ল উৎক্ষেপণ

ডিজিটেল ডেস্কঃ পুনৰ পিছুৱাই দিয়া হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংসু শুক্লা আৰু আন তিনিজনক কঢ়িয়াই নিবলগীয়া মহাকাশযান এক্সিয়াম-৪ৰ উৎক্ষেপণ। স্পেচএক্সে এই ঘোষণা কৰিছে এই তথ্য। স্পেচএক্সৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি, পোষ্ট ষ্টেটিক ফায়াৰ বুষ্টাৰ পৰিদৰ্শনৰ সময়ত ফেলকন-৯ ৰকেটত অক্সিজেন লিক হোৱাৰ সমস্যাৰ কথা পোহৰলৈ আহিছে। ইয়াক মেৰামতি কৰিবৰ বাবে অভিযন্তাসকলে অধিক সময় বিচাৰিছে। যাৰবাবে ইয়াৰ উৎক্ষেপণ অনিৰ্দিষ্ট সময়লৈ পিছুৱাই দিয়া হৈছে।  

Advertisment

স্পেচএক্সে টুইট কৰি কয় যে, "মহাকাশ কেন্দ্ৰলৈ যোৱা ফেলকন ৯ এক্স-৪ উৎক্ষেপণ পিছুৱাই দিয়া হৈছে যাতে অভিযন্তাসকলে পোষ্ট ষ্টেটিক ফায়াৰ বুষ্টাৰ পৰিদৰ্শনৰ সময়ত চিনাক্ত কৰা এল অ’এক্স লিক মেৰামতি কৰিবলৈ অতিৰিক্ত সময় পায়। মেৰামতিৰ পিছত আমি অতি সোনকালে নতুন উৎক্ষেপণৰ তাৰিখ মুকলি কৰিম" বুলি উল্লেখ কৰে। 

উল্লেখযোগ্য যে, বহু প্ৰত্যাশিত এই অভিযানটো চতুৰ্থবাৰৰ বাবে পিছুৱাই দিয়া হৈছে। প্ৰথমে উৎক্ষেপণৰ বাবে ২৯ মে’ৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল, তাৰ পিছত ইয়াক ৮ জুনলৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ পিছত তাৰিখ পুনৰ ১০ জুনৰ সন্ধিয়া ৫.৩০ বজালৈ সলনি কৰা হৈছিল। বেয়া বতৰৰ বাবে সেই সময় সলনি কৰি আকৌ এবাৰ ১১ জুনলৈ পিছুৱাই দিয়া হৈছিল ইয়াৰ উৎক্ষেপণ।

শুভাংসু শুক্লা