/asomiyapratidin/media/media_files/2025/05/11/jlBnXwh70NKXk2sl2ih6.jpg)
নিৰ্বাচন
ডিজিটেল ডেস্ক : ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ইতিমধ্যে পুৱা ৮-০০ বজাৰ পৰা অনুষ্ঠিত হৈছে। ২৭খন জিলাৰ ৩৯টা কেন্দ্ৰত সুকলমে চলি আছে ভোটগণনা পৰ্ব। ভোটগণনা প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে নিয়োগ কৰা হৈছে প্ৰাধিকৃত বিষয়া, ছুপাৰভাইজাৰ, সহায়কাৰী বিষয়া, ভোটগণনা সহায়ক, সুক্ষ্ম পৰ্যবেক্ষকে ধৰি মুঠ ১৪৫০ গৰাকী বিষয়া।
ইতিমধ্যে নিৰ্বাচনৰ শেহতীয়া ফলাফল অনুসৰি তিনিচুকীয়াৰ জিলা পৰিষদত এতিয়ালৈকে এগৰাকী বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে। এতিয়ালৈকে জিলা পৰিষদত অগ্ৰগতি লাভ কৰা নাই কংগ্ৰেছ আৰু অন্যান্যই। একেদৰে জিলাখনৰ আঞ্চলিক সদস্য পদত বিজেপিৰ ১০ গৰাকী প্ৰাৰ্থীয়ে বিজয়ী হৈছে।
আনহাতে দৰং জিলাত জিলা পৰিষদ পদত বিজেপি মিত্ৰজোঁটৰ ১০ গৰাকী প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। বিপৰীতে এ আই ইউ ডি এফৰ দুগৰাকীয়ে অগ্ৰগতি লাভ কৰিছে। জিলাখনৰ আঞ্চলিক সদস্য পদত বিজেপি মিত্ৰজোঁটৰ ১৮গৰাকী প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে আঞ্চলিক সদস্য পদত এ আই ইউ ডি এফৰ ৮গৰাকীয়ে অগ্ৰগতি লাভ কৰিছে।