/asomiyapratidin/media/media_files/2025/05/18/Ykn9ExNJbLL8TWLQgDoK.jpg)
বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ নৱতম গ্ৰন্থ উন্মোচন
ডিজিটেল ডেস্ক : দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজত উন্মোচন কৰা হ'ল আন্তৰ্জাতিক খ্যাতিসম্পন্ন অভিনেত্ৰী মলয়া গোস্বামীৰ নৱতম গ্ৰন্থ । কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি বিয়লি গণেশগুৰিস্থিত নেডফি হাউচৰ প্ৰেক্ষাগৃহত গ্ৰন্থখনিৰ উন্মোচন কৰা হয়। অভিনেত্ৰীগৰাকীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম ’দাপোণত মোৰ পৃথিৱী’।
/asomiyapratidin/media/media_files/2025/05/18/ieU9RDsIpmLWeIUVPEIK.jpg)
উল্লেখযোগ্য যে, অভিনেত্ৰীগৰাকীয়ে জীৱনৰ সুদীৰ্ঘ ৪০ বছৰৰ অভিজ্ঞতা সামৰি লিখি উলিয়াইছে গ্ৰন্থখন। মলয়া গোস্বামীৰ বৰ্ণিল জীৱনৰ বিচিত্ৰ অভিজ্ঞতাই ঠাই পাইছে গ্ৰন্থখনত।
/asomiyapratidin/media/media_files/2025/05/18/epvYFJpA8B6kB6lqP8Ly.jpg)
গ্ৰন্থখনৰ সম্বন্ধে অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে, "নীৰৱে পাৰ হৈ যোৱা তিনিকুৰি বছৰৰ অন্ততঃ দুকুৰি বছৰ মই এখন উৰ্বৰ সমাজৰ অংশীদাৰ হৈ, অনেক শুভাকাংক্ষী আৰু সুহৃদৰ স্নেহধন্যা হৈ, মোৰ ভাগত পৰা গতানুগতিক দায়িত্বৰ উপৰিও, ছাঁ-পোহৰৰ এখন জগতত বহু সময় পাৰ কৰিলোঁ। জিলমিল জোনাকীৰ দৰে সেইবোৰৰ স্মৃতি মোৰ বৰ আদৰৰ, বৰ হেঁপাহৰ। এনে এমুঠিমান জোনাকীৰ স্মৃতিকেই কাগজত আবদ্ধ কৰি ৰাখিবলৈ মোৰ বৰ মন গ'ল। মোৰ জীৱনৰ কণ কণ পোহৰে কাৰোবাৰ মনটোও হয়তো ক্ষণিকৰ বাবে উজলাই তুলিব পাৰিব।"
/asomiyapratidin/media/media_files/2025/05/18/94BGTI7IFkRjZgb7MzYU.jpg)
আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া, যশস্বী পৰিচালক জাহ্ণু বৰুৱা, সাহিত্যিক সূৰ্যকান্ত হাৰজিকা, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি। ইফালে সদ্য উন্মোচিত গ্ৰন্থখন পাঠকে আদৰি ল’ব বুলি আশাবাদী লেখক তথা অভিনেত্ৰী মলয়া গোস্বামী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us