Advertisment

মানকাচৰত ১৩৭ খন বিদ্যালয়ৰ মাজত অনুষ্ঠিত অন্তিম দিনৰ গুণোৎসৱ...

 প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন । মানকাচৰত ১৩৭ খন বিদ্যালয়ৰ ১৯,৯৬৮ গৰাকী শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত হৈছে অন্তিম দিনৰ গুণোৎসৱ ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন । মানকাচৰত ১৩৭ খন বিদ্যালয়ৰ ১৯,৯৬৮ গৰাকী শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত হৈছে অন্তিম দিনৰ গুণোৎসৱ ।

Advertisment

জিলাখনত ৬ জানুৱাৰীত ৪১৫ খন বিদ্যালয়ত স্ব-মূল্যায়ন কৰাৰ পাচত ৭ আৰু ৮ জানুৱাৰীত মুঠ ২৭৮ খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত কৰা হয়। আজি তৃতীয় তথা অন্তিম দিনা ১৩৭ খন বিদ্যালয়ত গুণোৎসৱ অনষ্ঠিত হৈ আছে। গুণোৎসৱৰ বাবে জিলাখনত তিনি গৰাকী উচ্চ পদস্থ বিষয়া বাহ্যিক মূল্যায়ক হিচাপে উপস্থিত হৈছে। 

জিলাৰ সদৰস্থিত খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১১ শতাধিক শিক্ষাৰ্থীৰ বাবে তিনি গৰাকী বাহ্যিক মূল্যায়ক উপস্থিত হৈ গুণোৎসৱৰ কাৰ্যসূচী চলাই থকা পৰিলক্ষিত হৈছে। ইফালে জিলাখনৰ সাদুল্ল্যাবাৰী এম ই স্কুলত মানকাচৰৰ বিধায়ক আমিনুল ইছলামক গুণোৎসৱৰ বাবে বাহ্যিক মূল্যায়ক হিচাপে নিযুক্তি দিয়া হৈছে। 

মানকাচৰ