যুৱ কবি প্ৰয়াত অলকেশ কলিতাৰ জীৱনৰ শেষ কবিতাপুথিৰ উন্মোচন

বৃহস্পতিবাৰে প্ৰয়াত কবি অলকেশ কলিতাৰ জীৱনৰ শেষৰখন কবিতাপুথি "অপূৰ্ণ পুস্তক' উন্মোচিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত। লগতে অলকেশ কলিতাৰ জীৱনৰ প্ৰথমখন কবিতাপুথি 'ভাস্কৰ'ৰ দ্বিতীয় সংস্কৰণো একেটি অনুষ্ঠানতেই উন্মোচিত হয়।

author-image
Asomiya Pratidin
New Update
guwahati press club

guwahati press club

ডিজিটেল সংবাদ, গুৱাহাটী : বৃহস্পতিবাৰে প্ৰয়াত কবি অলকেশ কলিতাৰ জীৱনৰ শেষৰখন কবিতাপুথি "অপূৰ্ণ পুস্তক' উন্মোচিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত। লগতে অলকেশ কলিতাৰ জীৱনৰ প্ৰথমখন কবিতাপুথি 'ভাস্কৰ'ৰ দ্বিতীয় সংস্কৰণো একেটি অনুষ্ঠানতেই উন্মোচিত হয়। 

public
public

দুয়োখন কবিতাপুথিৰে প্ৰকাশক অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী 'পাঞ্চজন্য'। এই অনুষ্ঠানত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট কবি নীলিম কুমাৰ, নীলিমা ঠাকুৰীয়া হক আৰু শিক্ষাবিদ পূৰ্ণ ভট্টাচাৰ্য। 

book
book

এই অনুষ্ঠানত উপস্থিত অভ্যাগতসকলে অলকেশ কলিতাৰ কাব্যসাধনা সন্দৰ্ভত বিস্তৰ আলোচনা কৰে। অসমৰ সাহিত্য জগতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটোৰে প্ৰয়াত কবি অলকেশ কলিতাৰ চমু জীৱন তথা কাব্যচৰ্চাৰ সম্পৰ্কত আলোকপাত কৰা হয়।

poet