/asomiyapratidin/media/media_files/2025/04/12/o1m0I3cAZOBOZQbKlW7E.jpg)
ভোট বৰ্জনৰ সিদ্ধান্ত
ডিজিটেল সংবাদ শিলচৰ: বিগত ৮০ বছৰ ধৰি একেলগে বসবাস কৰা কাছাৰ জিলাৰ এখন খাছিয়া গাঁৱৰ লোকক সমষ্টি পুনৰ নিৰ্ধাৰণে দ্বিখণ্ডিত কৰিলে। গাওঁ খনৰ ১৫০ টা পৰিয়ালৰ ৫০০ লোকক দুটা ৱাৰ্ডত ভাগ দিয়া হৈছে। যাৰ ফলত আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা বঞ্চিত হ'ব লগা হৈছে অঞ্চলটোৰ লোকসকল। সেয়ে পঞ্চায়ত, বিধানসভা আৰু লোক সভাৰ নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে ক্ষুব্ধ খাছিয়া লোক সকলে।
এই সকল কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ বৰাইল পৰ্বতৰ কাষত বিগত ৮০ বছৰ ধৰি বসবাস কৰা লক্ষীছৰা খাছিয়া পুঞ্জীৰ লোক । প্ৰায় ৫০০ লোক বসবাস কৰা এই গাঁওখন আগতে মহাদেৱপুৰ গাঁও পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত আছিল। কিন্তু শেহতীয়াকৈ সীমা পুনঃনির্ধাৰণৰ ফলত গাঁওখনক সম্পূৰ্ণ দ্বিখণ্ডিত কৰা হৈছে। গাঁৱৰ লোক সকলক গুমৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬ আৰু ৭ নম্বৰ ৱাৰ্ডত ভাগ কৰি দিয়া হৈছে। ফলত, গাঁওখনৰ খাছিয়া লোকসকল পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা বঞ্চিত হব লগা হৈছে। গাওঁবাসীক পুনৰ একেটা ৱাৰ্ডৰ অধীনত অন্তৰ্ভুক্ত নকৰা পৰ্যন্ত তেওঁ লোকে পঞ্চায়ত, বিধানসভা, আৰু লোক সভাৰ নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে গাওঁবাসীয়ে।