‘দ্যা কাশ্মীৰ ফাইলচ’ : সৰ্বত্ৰে চৰ্চিত এখন ছবি, প্ৰশংসা প্ৰধানমন্ত্ৰীৰ…

‘দ্যা কাশ্মীৰ ফাইলচ’ : সৰ্বত্ৰে চৰ্চিত এখন ছবি, প্ৰশংসা প্ৰধানমন্ত্ৰীৰ…

author-image
asomiyapratidin
New Update
‘দ্যা কাশ্মীৰ ফাইলচ’ : সৰ্বত্ৰে চৰ্চিত এখন ছবি, প্ৰশংসা প্ৰধানমন্ত্ৰীৰ…

ডিজিটেল ডেস্ক: বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত চৰ্চিত বিষয়ৰ ভিতৰত এটা হৈছে এখন ছবি। অনুপম খেৰ, মিথুন চক্ৰৱৰ্তীৰ দ্বাৰা অভিনীত 'দ্যা কাশ্মীৰ ফাইলচ' নামৰ ছবিখনে তোলপাৰ লগাইছে ছ'চিয়েল মিডিয়া।

Advertisment

১১ মাৰ্চত মুক্তি লাভ কৰে ছবিখনে। বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনে মুক্তি দুদিনতেই ৰাইজৰ বিপুল সমাদাৰ লাভ কৰা দেখা গৈছে।

এই ছবিখনত ১৯৯০ চনত কাশ্মীৰত হোৱা নৰসংহাৰ আৰু কাশ্মীৰী পণ্ডিতৰ ওপৰত হোৱা  অত্যাচাৰৰ বিষয়ে দেখুওৱা হৈছে। কাশ্মীৰত সংঘটিত হোৱা সেই ভয়ংকৰ কাহিনী বহু লোকেই নাজানে কিন্তু এতিয়া সেই হিংসাত্মক ঘটনাক ছবিৰ ৰূপ দি ৰাইজৰ মাজলৈ আনিছে বিবেক অগ্নিহোত্ৰীয়ে।

এই ছবিখনত কিছুমান এনেকুৱা দৃশ্যাংশ দেখুওৱা হৈছে যিয়ে মানুহত দুখিত কৰি তোলে। ছবিখনত জম্মু-কাশ্মীৰৰ লিবাৰেশ্যন ফন্টৰ সন্ত্ৰাসবাদী বিট্টা কৰাতেৰ এটা সাক্ষাতকাৰো দেখুওৱা হয় য'ত তেওঁ অতি সহজ ভাৱে হত্যাকাণ্ডক কথা স্বীকাৰ কৰা দেখা যায়। উল্লেখ্য যে, তেওঁৰ ভিডিঅ' ইউটিউবত উপলব্ধ আছে য'ত তেওঁ কৈছে যে প্ৰায় ২০ গৰাকীকৈ  লোকক তেওঁ হত্যা কৰিছে আৰু তাৰে বেছিভাগ কাশ্মীৰী পণ্ডিত আছিল।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰো সমাদাৰ লাভ কৰিছে এই ছবিখনে। এই সন্দৰ্ভত ছবিখনৰ প্ৰযোজক অভিষেক আগৰৱালে কয় যে "আদৰণীয় প্ৰধানমন্ত্ৰীক লগ পাই অতি সুখী। দ্যা কাশ্মীৰ ফাইলচৰ বাবে তেওঁৰ প্ৰশংসাই ইয়াক আৰু অধিক বিশেষ কৰি তুলিছে । ইয়াৰ পূৰ্বে কোনো ছবি প্ৰযোজনা কৰি ইমান বেছি গৰ্বিত অনুভৱ কৰা নাছিলো। ধন্যবাদ মোডীজী"।

kashmir bollywood the kashmir files