নিৰ্বাচনৰ পূৰ্বে জৰুৰী অৱস্থাৰ অৱসান ঘোষণা ম্যানমাৰৰ জুন্টা বাহিনীৰ

ম্যানমাৰৰ সামৰিক বাহিনী জুন্টাই বৃহস্পতিবাৰে জৰুৰী অৱস্থাৰ অৱসান ঘোষণা কৰি ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰস্তুতি ত্বৰান্বিত কৰিছে। ২০২১ৰ ফেব্ৰুৱাৰীত আং চান চ্যু কিৰ গণতান্ত্ৰিক চৰকাৰক উৎখাত কৰি জৰুৰী অৱস্থা জাৰি কৰা হৈছিল

author-image
Asomiya Pratidin
New Update
AP FOR WEBgcjhgh

ডিজিটেল ডেস্ক : ম্যানমাৰৰ সামৰিক বাহিনী জুন্টাই বৃহস্পতিবাৰে জৰুৰী অৱস্থাৰ অৱসান ঘোষণা কৰি ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰস্তুতি ত্বৰান্বিত কৰিছে। ২০২১ৰ ফেব্ৰুৱাৰীত আং চান চ্যু কিৰ গণতান্ত্ৰিক চৰকাৰক উৎখাত কৰি জৰুৰী অৱস্থা জাৰি কৰা হৈছিল, যাৰ ফলত গৃহযুদ্ধৰ সূত্ৰপাত হয়।

এই আদেশে জুন্টাৰ মুৰব্বী মিন আং হ্লাইঙক সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰিছিল। তেওঁ নিৰ্বাচনক সংঘাতৰ সমাধানৰ পথ হিচাপে প্ৰচাৰ কৰিছে।

ইফালে বিৰোধী গোটে নিৰ্বাচন বৰ্জনৰ কথা ঘোষণা কৰিছে। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে ইয়াক এক “প্ৰৱঞ্চনা” যিয়ে জুন্টাৰ শাসনক বৈধতা দিব বুলি নিন্দা কৰিছে।

উল্লেখ্য যে, জুন্টাই নতুন আইন জাৰি কৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ ক্ষতিসাধনৰ বাবে ১০ বছৰৰ কাৰাদণ্ডৰ বিধান কৰিছে। বিগত বছৰৰ লোকপিয়লে নিৰাপত্তাজনিত কাৰণত ১৯ নিযুত লোকৰ তথ্য সংগ্ৰহ কৰিব পৰা নাছিল। নিৰ্বাচন কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

ম্যানমাৰ