/asomiyapratidin/media/media_files/2025/06/07/E9hHQEpCp9kKqtvii4fM.jpg)
ডিজিটেল ডেস্ক : যুদ্ধবিধ্বস্ত গাজা চহৰত এতিয়া অভাৱ আৰু অভাৱ। খাদ্যৰ নাটনিয়ে জুৰুলা কৰিছে চহৰখনৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে।
অৰ্থনৈতিকভাৱে কোঙা হৈ পৰিছে গাজা চহৰ। অভাৱ- অনাটনৰ বাবে এতিয়া সাধাৰণ শ্ৰেণীৰ লোক জীয়াই থকাই বিড়ম্বনা হৈ পৰিছে।
আজি পবিত্ৰ ঈদ। পিছে এই ঈদৰ আনন্দই চুব পৰা নাই গাজাৰ ইছলাম ধৰ্মাৱালম্বী লোকসকলক। অভাৱ- অনাটন তথা অনাহাৰ- অনিদ্ৰাৰে ৰাতি পাৰ কৰা সাধাৰণ লোকসকলে খালী মোনা লৈ উভতিব লগা হৈছে বজাৰৰ পৰা।
কিয়নো গাজাত এতিয়া প্ৰতিপদ বস্তুৰ দামে চুইছেগৈ আকাশ। ভাৰতীয় টকাৰ হিচাপত প্ৰতি কিলো চেনিৰ মূল্য হৈছে প্ৰায় ৪, ১১৭ টকা।
একেদৰে মিঠাতেল এক লিটাৰৰ দাম প্ৰায় ৪,৯০০ টকা। এক কিলোগ্ৰাম আটাৰ মূল্য ১৫ শৰো অধিক। আনহাতে এক কিলো বিলাহীৰ দাম এতিয়া প্ৰায় ১,১০০ টকা।
আলুৰ দাম পাইছেগৈ প্ৰায় ১,৯৬৬ টকা। মচুৰ দাইল প্ৰতি কিলোত ৮৬০ টকা। এনেস্থলত গাজাৰ সাধাৰণ লোকে ঈদৰ বজাৰ কৰা একপ্ৰকাৰ অসাধ্য হৈ পৰিছে।