ভাৰতৰ বিৰুদ্ধে যুঁজি চাকৰি গ’ল পাক সেনা প্ৰধানৰ !

পাকিস্তানৰ প্ৰতিটো অভিযান, প্ৰতিখন মিছাইল- ড্ৰোণ ধ্বংস কৰি ভূপতিত কৰিছে ভাৰতৰ এছ ৪০০ সুদৰ্শন চক্ৰই। ভাৰতৰ আগত মুঠেও তিষ্ঠিব পৰা নাই পাকিস্তান। ভাৰতৰ বিৰুদ্ধে পাক সেনা প্ৰধান

author-image
Asomiya Pratidin
New Update
চাকৰি গ’ল পাক সেনা প্ৰধানৰ !

চাকৰি গ’ল পাক সেনা প্ৰধানৰ !

ডিজিটেল ডেস্ক : ব্যৰ্থ, ব্যৰ্থ আৰু ব্যৰ্থ। ভাৰতৰ ৰণনীতিত বাৰে বাবে উজুতি খাইছে পাকিস্তান। বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা আজি পৰ্যন্ত হোৱা ভাৰতৰ আক্ৰমণ প্ৰতিহত কৰিব পৰা নাই বৈৰী দেশ পাকিস্তানে। 

Advertisment

পাকিস্তানৰ প্ৰতিটো অভিযান, প্ৰতিখন মিছাইল- ড্ৰোণ ধ্বংস কৰি ভূপতিত কৰিছে ভাৰতৰ এছ ৪০০ সুদৰ্শন চক্ৰই। ভাৰতৰ আগত মুঠেও তিষ্ঠিব পৰা নাই পাকিস্তান। ভাৰতৰ বিৰুদ্ধে পাক সেনা প্ৰধান অসীম মুনিৰে ৰচনা কৰা এটাও ৰণকৌশল কাম অহা নাই। 

এনে পৰিপ্ৰেক্ষিতত পাক সেনা প্ৰধান মুনিৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে। এতিয়া চাকৰি বৰ্তি থাকিব নে নাই তাকলৈ চিন্তিত হৈ পৰিছে পাক সেনা প্ৰধান। কিয়নো বৰ্তমানৰ সেনা প্ৰধান অসীম মুনিৰৰ ঠাইত নতুন সেনা প্ৰধান নিযুক্তিৰ যো-জা চলাইছে দেশখনৰ চৰকাৰে।

ভাৰতৰ বিৰুদ্ধে সঠিক ৰণনীতি প্ৰস্তুত কৰাত ব্যৰ্থ হোৱা সেনা প্ৰধানগৰাকীৰ ঠাইত যুটীয়া মুখ্য কৰ্মচাৰীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা জেনেৰেল ছাহিৰ ছামছাদক নিয়োগ কৰিব পাৰে। উল্লেখ্য যে, অসীম মুনিৰক ২০২২ বৰ্ষৰ নৱেম্বৰত পাক সেনা প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল।

war