Advertisment

যোৰহাটত অনুষ্ঠিত আমন্ত্ৰণমূলক আন্তঃক্লাব ভলীবল প্ৰতিযোগিতাৰ সামৰণি

যোৰহাটৰ শংকৰপুৰ ৰাজহুৱা খেলপথাৰত এনাজৰী ক্লাবৰ সৌজন্যত আৰু শংকৰপুৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দিবা-নৈশ আমন্ত্ৰণমূলক আন্তঃক্লাব ভলীবল প্ৰতিযোগিতাখন সফলতাৰে সামৰণি পৰে।

author-image
Asomiya Pratidin
New Update
যোৰহাটত অনুষ্ঠিত আমন্ত্ৰণমূলক আন্তঃক্লাব ভলীবল প্ৰতিযোগিতাৰ সামৰণি

যোৰহাটত অনুষ্ঠিত আমন্ত্ৰণমূলক আন্তঃক্লাব ভলীবল প্ৰতিযোগিতাৰ সামৰণি

ডিজিটেল সংবাদ, যোৰহাট : যোৰহাটৰ শংকৰপুৰ ৰাজহুৱা খেলপথাৰত এনাজৰী ক্লাবৰ সৌজন্যত আৰু শংকৰপুৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দিবা-নৈশ আমন্ত্ৰণমূলক আন্তঃক্লাব ভলীবল প্ৰতিযোগিতাখন সফলতাৰে সামৰণি পৰে। সোমবাৰে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা উভয় শাখাতে অনুষ্ঠিত মুকলি প্ৰতিযোগিতাখনত ল’ৰাৰ শাখাত ১৫টা আৰু ছোৱালী শাখাত ৪টা মুঠ ১৯টা দলে যোগদান কৰে।

Advertisment

প্ৰতিযোগিতাখন উদ্বোধন কৰে প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ তুৱাৰাম বৰাই। সন্ধিয়াৰ পৰা প্ৰতিযোগিতাখনৰ ল’ৰা শাখাৰ খেলসমূহ আৰম্ভ হৈ ৰাতিলৈ সমাপ্ত হোৱা প্ৰতিযোগিতাখনত পুৰুষৰ শাখাত এনাজৰী ক্লাবে যোৰহাট ক্লাবক ৩-০ পোনপতীয়া ছেটত পৰাজিত কৰি প্ৰতিযোগিতাখনৰ চেম্পিয়ন খিতাপ অৰ্জন কৰে।

চেম্পিয়ন দল এনাজৰী ক্লাবক নগদ ৯হাজাৰ টকাসহ পম্পিৰাম দাস সোঁৱৰণী বঁটা আৰু বিজিত দল যোৰহাট ক্লাবক নগদ ৫হাজাৰ টকাসহ ৰূপালী শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰে। প্ৰতিযোগিতাখনত পুৰুষৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে এনাজৰী ক্লাবৰ সিদ্ধাৰ্থ দত্তই।

আনহাতে প্ৰতিযোগিতাখত ছোৱালী শাখাৰ খেলত যোৰহাট ভলীবল ক’চিং চেণ্টাৰে চিনামৰা ভলীবল ক’চিং চেণ্টাৰক ৩-০ পোনপতীয়া ছেটত পৰাজিত কৰি প্ৰতিযোগিতাখনত চেম্পিয়ন খিতাপ অৰ্জন কৰে। চেম্পিয়ন দলে ভূৱন চন্দ্ৰ বৰা সোঁৱৰণী বঁটা আৰু বিজিত দলে উমেশ্বৰ ভূঞা সোঁৱৰণী বঁটা লাভ কৰা প্ৰতিযোগিতাখনত মহিলা শাখাত শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে যোৰহাট ভলীবল ক'চিং চেণ্টাৰ দলৰ দিপ্তী দলে।

volleyball