/asomiyapratidin/media/media_files/2026/01/11/1-2026-01-11-21-32-54.jpg)
ডিজিটেল ডেস্কঃ বাক্সাৰ আঠিয়াবাৰীত আড়ম্বৰপূৰ্ণভাৱে আৰম্ভ হৈছে আন্তঃজিলা মহিলা কাবাডী চেম্পিয়নশ্বিপ-২০২৬। শনিবাৰৰ পৰা আৰম্ভ হোৱা এই ক্ৰীড়া মহোৎসৱে সমগ্ৰ অঞ্চলটোতে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে। অসম তথা বিটিচি চৰকাৰে খেল মহাৰণৰ যোগেদি খেল জগতখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংকল্প গ্ৰহণ কৰাৰ পাছতে খেলৰ প্ৰতি আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে নৱ প্ৰজন্ম।
/asomiyapratidin/media/post_attachments/97bda20d-4db.png)
উল্লেখ্য যে- বাক্সাৰ আঠিয়াবাৰীত শনিবাৰৰ পৰা আৰম্ভ হোৱা এই নাগেশ্বৰ স্বৰ্গীয়াৰী সোঁৱৰণী আন্তঃজিলা মহিলা কাবাদী খেলত অংশগ্ৰহন কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈৰ দল । বাক্সাৰ লগতে ৰাজ্যৰ বহু যুৱক-যুৱতী ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে সন্মান বুটলিৱলৈ সক্ষম হোৱাৰ কথা সদৰী কৰে সদৌ অসম কাবাদী সন্থাৰ সাধাৰণ সম্পাদক আলোক ত্ৰিপাঠীয়ে।
/asomiyapratidin/media/post_attachments/a5444d67-91b.png)
প্ৰয়াত নাগেশ্বৰ ব্ৰহ্ম ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাবাদি খেলৰ ৰেফাৰি আছিল। তেওঁৰ স্মৃতিতে শনিবাৰৰ পৰা অনুস্থিত হোৱা কাবাদি খেলৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ লগতে এই অঞ্চলৰ বিভিন্ন ভাষা-ভাষী লোকৰ মাজত শান্তি, ঐক্য অতুত থাকিব বুলি মন্তব্য কৰে সদৌ অসম কাবাদী সন্থাৰ সাধাৰণ সম্পাদক আলোক ত্ৰিপাঠীয়ে।
/asomiyapratidin/media/post_attachments/02e57d0d-0d8.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us