ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ৩০ সংখ্যক আন্তঃজিলা মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপৰ আজি সফলতাৰে সামৰণি পৰে। ৩২খন ক্ৰীড়া জিলাৰ ১২০০ৰো অধিক জ্যেষ্ঠ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাখনিত সৰ্বশ্ৰেষ্ঠ দল হিচাপে প্ৰথম স্থান লাভ কৰে মৰাণ ক্ৰীড়া জিলা, দ্বিতীয় স্থান লাভ কৰে চিলাপথাৰ আৰু তৃতীয় স্থান লাভ কৰে ডিব্ৰুগড় ক্ৰীড়া জিলাই ।
ইপিনে পুৰুষৰ শাখাত শ্ৰেষ্ঠদল হিচাপে প্ৰথম স্থান লাভ কৰে ডিব্ৰুগড় ক্ৰীড়া জিলা, দ্বিতীয় স্থান লাভ কৰে চিলাপথাৰ আৰু তৃতীয় স্থান লাভ কৰে মৰাণ ক্ৰীড়া জিলাই । মহিলাৰ শ্ৰেষ্ঠদল হিচাপে প্ৰথম স্থান লাভ কৰে মৰাণ ক্ৰীড়া জিলা, দ্বিতীয় স্থান লাভ কৰে চিলাপথাৰ আৰু তৃতীয় স্থান লাভ কৰে কামৰূপ মেট্ৰই।
আনহাতে মাৰ্চপাষ্টত শ্ৰেষ্ঠদল হিচাপে প্ৰথম স্থান লাভ কৰে কোকৰাঝাৰ, দ্বিতীয় স্থান লাভ কৰে ডিগবৈ আৰু তৃতীয় স্থান লাভ কৰে কামৰূপ মেট্ৰই । প্ৰতিযোগী আৰু শ্ৰেষ্ঠদলক আজি আনুষ্ঠানিকভাৱে বঁটা আৰু মানপত্ৰ প্ৰদান কৰে বিধায়ক তথা আয়োজক সমিতিৰ অধ্যক্ষ লৰেন্স ইছলাৰীয়ে ।
বঁটা বিতৰণিৰ অন্তত বিধায়ক তথা আয়োজক সমিতিৰ অধ্যক্ষ লৰেন্স ইছলাৰীয়ে অনুষ্ঠানটি সকলোৰে সহায়-সহযোগত সফলতাৰে সমাপ্ত হোৱাত সকলোপক্ষলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। কোকৰাঝাৰ ক্ৰীড়াৰ "হাব" বুলি পৰিচিত হৈ আহিছে আৰু অনাগত সময়ছোৱাত কোকৰাঝাৰ ক্ৰীড়াক্ষেত্ৰত অধিক উজলি উঠিব বুলি আশা প্ৰকাশ কৰি মানসিক প্ৰশান্তিৰ বাবেও খেল প্ৰয়োজন বুলি মন্তব্য কৰিছে বিধায়ক লৰেন্স ইছলাৰীয়ে।
আনহাতে সদৌ অসম মাষ্টাৰ্ছ এথলেটিক সন্থাৰ সম্পাদক বিদ্যুত মহন্তই আয়োজক সমিতিৰ আতিথ্যত মুগ্ধ হোৱা বুলি প্ৰকাশ কৰি ৩১ সংখ্যক আন্তঃজিলা মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপ মৰিগাঁৱত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে।
উল্লেখ্য যে সদৌ অসম মাষ্টাৰ্ছ এথলেটিক সন্থাৰ সম্পাদক বিদ্যুত মহন্ত আৰু আয়োজক সমিতিৰ অধ্যক্ষ লৰেন্স ইছলাৰীয়ে সৰ্বশেষত পতাকা অৱনমিত কৰি ৩০ সংখ্যক আন্তঃজিলা মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপৰ পৰিসমাপ্তি ঘোষণা কৰে ।