অসম চৰকাৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ উদ্যোগত পাৰ্থেনিয়াম নিৰ্মূলকৰণ অভিযান

বৰ্তমান সময়ত এক ভয়ংকৰ আগ্ৰাসী আৰু ক্ষতিকাৰক হিচাপে পৰিগণিত হোৱা অপতৃণ পাৰ্থেনিয়াম দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ভয়াবহ ৰূপত বৃদ্ধি পাইছে ।  

author-image
Asomiya Pratidin
New Update
chcfg

ডিজিটেল সংবাদ, বটদ্ৰৱা : বৰ্তমান সময়ত এক ভয়ংকৰ আগ্ৰাসী আৰু ক্ষতিকাৰক হিচাপে পৰিগণিত হোৱা অপতৃণ পাৰ্থেনিয়াম দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ভয়াবহ ৰূপত বৃদ্ধি পাইছে ।  ই অতি কম সময়ৰ ভিতৰতে বীজ উৎপাদন কৰি বিভিন্ন অঞ্চললৈ প্ৰসাৰিত হবলৈ ধৰিছে । 

Advertisment

যাৰ ফলত বিভিন্ন ৰাস্তা -ঘাট, ৰেৰেলপ, খেলপথাৰ, মুকলি ঠাই, উদ্যোগিক অঞ্চল, গুডামৰ কাষৰীয়া অঞ্চলত ভয়ংকৰভাৱে বিস্তাৰিত হৈছে । অসম চৰকাৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ উদ্যোগত যোৱা ২৩ জুনৰ পৰা ২৬ জুনলৈ "পাৰ্থেনিয়াম নিৰ্মূলকৰণ অভিযান" চলিছে। 

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ অন্তৰ্গত মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ তত্ত্বাৱধানত নগাঁও জিলাৰ উৰিয়াগাঁৱৰ পৰা ডিমৌ, ৰহা, আটিগাঁও, আমচৈ গেট, নেলী আদি অঞ্চলৰ ৰাইজক বিষাক্ত পাৰ্থেনিয়ামৰ সজাগতা সভা অনুষ্ঠিত কৰি আজি নেলীৰ দূৰ্গা মণ্ডপত এখনি সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে। ইফালে উদ্যান শস্য গৱেষণা কেন্দ্ৰ, কাঁহিকুছিৰ তত্বাবধানতো কামৰূপ গ্ৰাম্য জিলা, কামৰূপ মহানগৰ জিলাৰ আমিনগাঁও, চাংসাৰি, পাইকানা, মদনপুৰ, ক্ষেত্ৰী, সোণাপুৰ, ডিমৰীয়া, মেধীকুচি, টেটেলীয়া আদি অঞ্চলত সজাগতা চলাই আজি নেলীৰ দূৰ্গা মণ্ডপতে সমন্বিতভাৱে এই সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে। 

অনুষ্ঠানটিত আদৰণী ভাষণ প্ৰদান কৰি মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰন্য কুমাৰ বৰাই "পাৰ্থেনিয়ামে পথৰ কাষকে ধৰি বিস্তীৰ্ণ ভূমি আক্ৰমণ কৰিছে। ই চৰণীয়া পথাৰ আৰু কৃষিভূমিতো আক্ৰমণ কৰিছে, যাৰ ফলত শস্য উৎপাদন বিপৰ্যয়ৰ মুখত পৰিছে। কিছুমান অঞ্চলত ইয়াৰ প্ৰাদুৰ্ভাৱ প্ৰচণ্ডভাৱে সৰ্বত্ৰ বিয়পি পৰিছে, ইয়াৰ ফলত পশুধন আৰু শস্য উৎপাদন আৰু মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছে।" বুলি প্ৰকাশ কৰে। 

মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ নিৰঞ্জন ডেকাই উদেশ্য ব্যখ্যা কৰি "এই সজাগতা, আমাৰ বাবে আৰম্ভণী হওঁক। আমি সকলোৱে হাতত হাত ধৰি পাৰ্থেনিয়ামৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰোঁ আহক।" বুলি মন্তব্য কৰে। 

অনুষ্ঠানত অংশ গ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়াই "পাৰ্থেনিয়ামৰ মানৱ তথা জীৱ জন্তুৰ স্বাস্থ্যৰ বাবে হানিকাৰক। মানৱ শৰীৰত এজমা, চৰ্মৰোগ, চকুৰৰোগ শ্বাস প্ৰশ্বাস জনিত ৰোগ, হাপানী আদি সৃষ্টি কৰে। ইয়াৰোপৰি জীৱজন্তুৱে পাৰ্থেনিয়াম সংমিশ্ৰিত খাদ্য খোৱাৰ ফলত যকৃত আৰু সৰ্ব শৰীৰত ঘা, ছালৰ ৰোগ, ডায়েৰিয়া, চকুৰ বিষ হোৱা দেখা যায় আৰু পশুৰ গাখীৰ আৰু মাংসও বিষাক্ত হৈ পৰে" বুলি প্ৰকাশ কৰে। 

অনুষ্ঠানটিত মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত অনূসূয়া শৰ্মা, অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ শস্য বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড০ কল্যাণ পাঠকেও ভাষণ প্ৰদান কৰি চৌদিশে চানি ধৰা পাৰ্থেনিয়ামৰ বিৰুদ্ধে ৰাইজক সজাগ হ’বলৈ আহ্বান জনায়। মীন মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ প্ৰদীপ চন্দ্ৰ ভূঞা, নেলী খলা ৰজা ৰামসিং দেউৰজা, মৰিগাঁও জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ মুৰব্বী ড০ সোনমইনা ভূঞাকে আদি কৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ, মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী, কৃষি বিভাগৰ বিষয়া, কৰ্মচাৰী, কৃষক, স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত উদ্যান শস্য গৱেষণা কেন্দ্ৰ, কাঁহিকুছিৰ মুখ্য বিজ্ঞানী ড০ প্ৰদীপ মহন্তই শলাগৰ শৰাই আগবঢ়ায়।

বটদ্ৰৱা