/asomiyapratidin/media/media_files/2025/06/29/264-2025-06-29-11-18-25.jpg)
ডিজিটেল ডেস্ক : ভাৰতৰ অটো খণ্ডৰ বাবে আশাব্যঞ্জক খবৰ। ভাৰতৰ অটো খণ্ডই সপোন পূৰণৰ দিশে অগ্ৰসৰ হৈছে।
ভাৰতে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনৈতিক লক্ষ্য ইতিমধ্যে নিৰ্ধাৰণ কৰি লৈছে। সেই অনুসৰি এই দিশত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে খণ্ডটোৱে। অনাগত সময়ত ভাৰতৰ অটো খণ্ডই বিশ্বতে আধিপত্য বিস্তাৰ কৰিব বুলি খণ্ডটোৱে আশা প্ৰকাশ কৰে।
খণ্ডটোৰ বিশাল পৰিসৰ, উৎপাদন, ৰপ্তানি, নিয়োগ, আৰু প্ৰযুক্তিৰ সৈতে গভীৰ সংযোগৰ বাবে অটো খণ্ডক ক্ৰমান্বয়ে কেৱল বাণিজ্যিক ইঞ্জিন হিচাপেই নহয়, ই ভাৰতৰ বিশ্বাসযোগ্য বিশ্ব উৎপাদন আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে উত্থানকো প্ৰতিফলিত কৰিব। ইতিমধ্যে ইয়াৰ প্ৰমাণ ২০২৪-২৫ বিত্তীয় বৰ্ষতে পোৱা গৈছে বুলি এক প্ৰতিবেদনত উল্লেখ কৰে।
উক্ত বৰ্ষটোত ভাৰতৰ অটো খণ্ডই বিশ্বজুৰি তৃতীয় বৃহত্তম অটোমোবাইল বজাৰ হিচাপে স্থান দখল কৰিছে। একেদৰে বাহন নিৰ্মাণৰ ক্ষেত্ৰত চতুৰ্থ বৃহত্তম দেশ হিচাপে নিজৰ স্থান নিগাজি কৰিবলৈ সক্ষম হৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ভৰতৰ অটো খণ্ডই ৩ কোটি ১০ লাখতকৈও অধিক বাহন নিৰ্মাণ কৰিছে।
ইয়াৰ ভিতৰত আছে ৫০৬ লাখতকৈ অধিক যাত্ৰীবাহী বাহন। ১০৩ লাখ বাণিজ্যিক বাহন, ১০৫ লাখ তিনিচকীয়া বাহন আৰু ২ কোটি ৩৮৮ লাখ দুচকীয়া বাহন। ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে প্ৰায় ৫৭ লাখ বাহন বিভিন্ন দেশলৈ ৰপ্তানি কৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰে।