পাকিস্তানৰ মিছাইল আক্ৰমণ ব্যৰ্থ কৰা ভাৰতীয় বায়ু সেনাৰ এছ ৪০০ সুদৰ্শন চক্ৰৰ আছে আৰু বহু শক্তি

এটা বা দুটা নহয়, ৬টাকৈ পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম প্ৰতিহত কৰিছে ভাৰতীয় বায়ু সেনাৰ অন্যতম শক্তিশালী অস্ত্ৰ এছ ৪০০ সুদৰ্শন চক্ৰই। এইবিধ অস্ত্ৰৰ ক্ষমতা আৰু শক্তি পূৰ্বৰ এছ ৩০০তকৈও অধিক। 

author-image
Asomiya Pratidin
New Update
ভাৰতীয় বায়ু সেনাৰ এছ ৪০০ সুদৰ্শন চক্ৰ

ভাৰতীয় বায়ু সেনাৰ এছ ৪০০ সুদৰ্শন চক্ৰ

ডিজিটেল ডেস্ক : এটা বা দুটা নহয়, ৬টাকৈ পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম প্ৰতিহত কৰিছে ভাৰতীয় বায়ু সেনাৰ অন্যতম শক্তিশালী অস্ত্ৰ এছ ৪০০ সুদৰ্শন চক্ৰই। এইবিধ অস্ত্ৰৰ ক্ষমতা আৰু শক্তি পূৰ্বৰ এছ ৩০০তকৈও অধিক। 

Advertisment

এই বিধ অস্ত্ৰৰ দ্বাৰাই ভাৰতে প্ৰতিহত কৰিছে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল আক্ৰমণ। নিমিষতে তচ-নচ কৰি পেলাইছে পাকিস্তানৰ মিছাইল। আকাশ মাৰ্গতে ধ্বংস কৰিছে পাকিস্তানৰ এয়াৰ ডিফেন্স ছিষ্টেম।

উল্লেখযোগ্য যে, এই এছ ৪০০ সুদৰ্শন চক্ৰ নিৰ্মাণ কৰা হৈছে ৰাছিয়াত। ২০১৮ চনত ভাৰতে ৫ বিলিয়ন ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰি এইবিধ এয়াৰ মিছাইল ছিষ্টমৰ ৫টা ইউনিট ক্ৰয় কৰিছিল। 

এছ ৪০০ সুদৰ্শন চক্ৰৰ বিষয়ে কেতবোৰ কথা তলত উল্লেখ কৰা হ’ল-

 

  • এছ-৪০০ মিছাইল ডিফেন্স চিষ্টেম বিশ্বৰ অন্যতম দীৰ্ঘ দূৰত্বৰ এয়াৰ ডিফেন্স চিষ্টেম বুলি কোৱা হয়। 
  • ২০১৪ চনত চীনে প্ৰথমখন এছ-৪০০ মিছাইল ক্ৰয় কৰিছিল।
  • এছ-৪০০ৰ তিনিটা উপাদান আছে- মিছাইল লঞ্চাৰ, শক্তিশালী ৰাডাৰ আৰু এটা কমাণ্ড চেণ্টাৰ।
  • ই বিমান, ক্ৰুজ মিছাইল আনকি দ্ৰুতগতিত চলা ৰেঞ্জৰ বেলিষ্টিক মিছাইলকো প্ৰতিহত কৰিব পৰা ক্ষমতা আছে।
  • এছ-৪০০ মিছাইল প্ৰায় সকলো ধৰণৰ আধুনিক যুদ্ধবিমানৰ সৈতে জড়িত হ’ব পাৰে। 
  • ইয়াৰ ৰাডাৰে ৬০০ কিলোমিটাৰ দূৰত্বলৈকে লক্ষ্য অনুসৰণ কৰিব পাৰে।
war