লখিমপুৰৰ দলহাটত গেং মাৰ্ডাৰৰ ঘটনা : ৮ অভিযুক্তক আটক

লখিমপুৰ জিলাৰ অন্তৰ্গত নাওবৈচাৰ দলহাটত সংঘটিত হৈছে এক গেং মাৰ্ডাৰৰ ঘটনা। দলহাট আৰক্ষী চকীৰ সমীপতে উন্মত্ত লোকৰ দলে মৰিয়াই মৰিয়াই এজন লোকক হত্যা কৰাৰ ঘটনা

author-image
Asomiya Pratidin
New Update
441

ডিজিটেল সংবাদ, নাওবৈচা : লখিমপুৰ জিলাৰ অন্তৰ্গত নাওবৈচাৰ দলহাটত সংঘটিত হৈছে এক গেং মাৰ্ডাৰৰ ঘটনা। দলহাট আৰক্ষী চকীৰ সমীপতে উন্মত্ত লোকৰ দলে মৰিয়াই মৰিয়াই এজন লোকক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। নিহত লোকজন হৈছে পুৰণা লাইন নিবাসী জিৰিয়া তাঁতী।

Advertisment

উল্লেখ্য যে, শুকুৰবাৰৰ সন্ধিয়া সংঘটিত হৈছিল এই জঘন্য ঘটনাটো। জানিব পৰা মতে দলহাট চাহ বাগিচাৰ পুৰণা লাইনত সংঘটিত হৈছে এই হত্যাকাণ্ড। কেৱল ইমানেই নহয়, উন্মত্ত লোকৰ দলে জিৰিয়া তাঁতীক হত্যা কৰি তেওঁৰ মৃতদেহ চোঁচৰাই ঘৰৰ চোতালত পেলাই থৈ যায়।

ঘটনা বিৱৰণী অনুসৰি এগৰাকী যুৱতীৰ হাতত ধৰাৰ অভিযোগ তুলি উন্মত্ত দলটোৱে তাঁতীক নৃশংসভাৱে হত্যা কৰে। আনহাতে এই ঘটনাৰে নাম সাঙোৰ খাইছে পুৰণা লাইনৰ কুন্দন কৰ্মকাৰ নামৰ লোকজনৰ। কৰ্মকাৰৰ নেতৃত্বতে প্ৰায় ৪/৫ জনীয়া উন্মত্ত লোকৰ দলে তাঁতীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, মূল অভিযুক্ত কুন্দন কৰ্মকাৰে পূৰ্বৰ পৰাই জিৰিয়াক হত্যাৰ ভাবুকি দি আহিছিল। তাৰোপৰি কুন্দন কৰ্মকাৰৰ কন্যাক জিৰিয়া তাঁতীয়ে হাতত ধৰাৰ বাবেই পিতৃ কুন্দনে এই কাণ্ড সংঘটিত কৰা বুলিও এক অভিযোগ উত্থাপিত হৈছে।

ইফালে এই ঘটনাৰ পাছতে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ৮ লোকক । এই জঘন্য হত্যাকাণ্ডক লৈ আদিবাসী, চাহ জনজাতীয় সংগঠনৰ নীৰবতাক লৈও সচেতন মহলত উত্থাপন হৈছে প্ৰশ্নৰ । আনহাতে সমগ্ৰ ঘটনাক লৈ দলহাটত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

Assam police crime