/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিজিটেল সংবাদ, লংকা : বছৰৰ প্ৰথম দিনটোতে লংকাৰ কাকী আদৰ্শ গাঁৱত সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। এগৰাকী পিতৃয়ে পুত্ৰ-কন্যাৰ লগতে নিজ পত্নীক জীৱন্তে অগ্নিদগ্ধ কৰাৰ চেষ্টা চলায়। বুধাবাৰে পুৱতি নিশা প্ৰায় ৪-০০ বজাত নিৰঞ্জন দাস নামৰ লোকজনে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ চেষ্টা কৰে।
জানিব পৰা মতে ধৃত দাসে নিজ পত্নী তথা দুই কণমানি পুত্ৰ আৰু কন্যাক ঘৰৰ ভিতৰত আবদ্ধ কৰি বাহিৰৰ পৰা জুই লগাই দিয়ে। কেৱল ইমানেই নহয়, নিৰ্দয় পিতৃ তথা স্বামী দাসে দা লৈ পত্নী- সন্তানক বাহিৰলৈ আহিবলৈ বাধা প্ৰদান কৰে।
ঘৰটোত অগ্নিসংযোগ কৰাৰ ফলত দাও দাওকৈ জ্বলি উঠাত আতংকিত হৈ পৰে ঘৰটোৰ ভিতৰত আৱদ্ধ হৈ থকা পত্নী আৰু দুই সন্তান। তেওঁলোকৰ আৰ্তনাদত চুবুৰীয়া ৰাইজ উপস্থিত হোৱাত নিৰঞ্জন দাসে পলায়ন কৰে। ইয়াৰ পাছতে মাতৃসহ দুই সন্তানে বেৰ ভাঙি বাহিৰলৈ ওলাই আহি কথমপি প্ৰাণ ৰক্ষা কৰে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এই অগ্নিকাণ্ডৰ ফলত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই যদিও ঘৰৰ ভিতৰত থকা ধান, হাঁহ-মুৰ্গীকে ধৰি সকলো সামগ্ৰী জুইত জাহ যায়। পিছত ৰাইজ আৰু কাকী আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।