পশ্চিম কাৰ্বি আংলং জিলাত 'বিশ্ব স্তনপান সপ্তাহ'ৰ শুভাৰম্ভণি

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংচু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মঙলবাৰে বিশ্ব স্তনপান সপ্তাহৰ শুভ আৰম্ভণি কৰা হয়। চিকিৎসালয়খনৰ সভাগৃহত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানটিৰ সভাপতিত্ব কৰে মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰঞ্জিত কুমাৰ নাথে।

author-image
Asomiya Pratidin
New Update
07

ডিজিটেল সংবাদ, হামৰেণ : পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংচু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মঙলবাৰে বিশ্ব স্তনপান সপ্তাহৰ শুভ আৰম্ভণি কৰা হয়। চিকিৎসালয়খনৰ সভাগৃহত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানটিৰ সভাপতিত্ব কৰে মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰঞ্জিত কুমাৰ নাথে।

Advertisment

ভাষণ প্ৰসঙ্গত ডা০ নাথে নৱজাতক তথা শিশুৰ বাবে স্তনপানৰ গুৰুত্বতা সম্পৰ্কে আলোকপাত কৰে। তেওঁ কয় যে জন্মৰ এঘণ্টাৰ ভিতৰত নৱজাতকক স্তনপান কৰোৱা, জন্মৰ পৰা ৬ মাহলৈ শিশুক কেৱল মাকৰ গাখীৰহে খুওৱা, ৬ মাহ সম্পূৰ্ণ হোৱাৰ পিছত শিশুটিক স্তনপানৰ লগতে অলপ কোমল, মিহি, গোটা খাদ্য খুৱাবলৈ আৰম্ভ কৰা, ২ বছৰ বা তাৰ পিছতো আন খাদ্যৰ উপৰিও স্তনপান কৰোৱাটো অব্যাহত আদি অতিপ্ৰয়োজনীয় বাৰ্তাসমূহ ৰাইজৰ মাজলৈ নিবৰ বাবে অহা ৭ আগষ্ট তাৰিখলৈকে এই দিৱস পালক কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ইয়াৰ পাছতেই বৈঠালাংচু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া আৰু চিকিৎসক ডাঃ লংবিৰাম ডেৰাই স্তনপান কৰোৱা পদ্ধতি, স্তনপানৰ সময়ত মাতৃ এগৰাকীয়ে নিৰীক্ষণ কৰিব লগীয়া বিষয়সমূহৰ কথা উল্লেখ কৰে। আজিৰ সভাত পশ্চিম কাৰ্বি আংলং জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰকল্প পৰিচালনা গোটৰ প্ৰকল্প পৰিচালক হিল্টন শইকীয়া, জিলা গণমাধ্যম বিশেষজ্ঞ ৰাহুল ডেকা, সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচীৰ জিলা মহামাৰী বিশেষজ্ঞ জনাসিং টেৰণ, বৈঠালাংচু খণ্ড প্ৰকল্প পৰিচালনা গোটৰ বিষয়াসকল, চিকিৎসালয়খনৰ নাৰ্চ,প্ৰমুখ্য কৰি  মাতৃসকল আৰু প্ৰসূতি ৰাইজ উপস্থিত থাকে।

karbi aanglong