/asomiyapratidin/media/media_files/2025/06/01/0lSbvPHKbdJ3P7Z2oftA.jpg)
ঢকুৱাখনাত বিধায়ক নৱ দলেৰ ৫টা পকী পথ আঁচনিৰ শুভাৰম্ভ
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা বিধানসভা সমষ্টিবাসীৰ পথ যোগাযোগ সুচল কৰাৰ লক্ষ্যৰে অধিক তৎপৰ হৈ উঠিছে বিধায়ক নৱ দলে । ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান পথ সংমণ্ডলৰ অন্তৰ্গত মুঠ ৫টা গ্ৰাম্য পথ উন্নতভাৱে নিৰ্মাণৰ এক সাৰ্বজনীন আঁচনি গ্ৰহণ কৰি দেওবাৰে এই আঁচনিসমূহৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰে ।
দেওবাৰে বিধায়ক দলেয়ে ঢকুৱাখনা লোকনিৰ্মান পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দণ্ডীধৰ মিলি, ঘিলামৰা মণ্ডল বিজেপিৰ সভাপতি শোভন দত্ত, ৰাজ্যিক বিজেপিৰ সদস্য বসন্ত শইকীয়া, হিৰণ্য হাজৰিকা, নৱনিৰ্বাচিত জিলা পৰিষদ সদস্য ছন্দেশ্ৱৰ গগৈ, প্ৰণৱ পেগু, ছোনিয়া শইকীয়া, ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাস আদিৰ উপস্থিতিত ৫টা পথৰ আধাৰশিলা স্থাপন কৰে ।
মুখ্যমন্ত্ৰী উন্নত পকী পথ আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগা এইসমূহ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে গ্ৰামাঞ্চলীয় ৰাইজৰ সুচল পথ যোগাযোগ তৰান্বিত কৰাৰ দ্বাৰা আৰ্থ- সামাজিক উত্তৰণৰ পথ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে । বিধায়কগৰাকীয়ে এই লানি কার্যসূচীৰ অন্তৰ্গত বাটমাৰী তিনিআলিৰ পৰা মাছখোৱা লোকনিৰ্মাণ পথৰ প্ৰায় ৯.৫ কিলোমিটাৰ পথ পূৰ্বতকৈ প্ৰায় ৫.৫মিটাৰ বহলকৈ বিতুমিনেৰে পকী কৰা আঁচনিৰো আধাৰশিলা স্থাপন কৰে।
প্ৰায় ১২ কোটি ১৬ লাখ কোটি টকা ব্যয়ৰে নিৰ্মান হ’বলগীয়া এই পকী পথ নিৰ্মাণৰ সন্দৰ্ভত এক মাংগলিক অনুষ্ঠান অনুষ্ঠিত হয় । বাটমাৰী তিনিআলিত গায়ন- বায়ন, মংগল ধ্বনিৰ মাজত বিধায়কগৰাকীক আদৰি অনাৰ পাছত ফিটা কাটি শিল্যন্যাস কৰে ।
স্থানীয় উদ্যোগী ঠিকাদাৰ মাধৱ শইকীয়াৰ দ্বাৰা সম্পাদন হ’বলগীয়া এই উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ সতে সংগতি ৰাখি বিধায়কগৰাকীয়ে বাটমাৰী তিনিআলিত গছপুলি ৰোপণ কৰে । পাছত বাটমাৰী ৰাজহুৱা ভৱন প্ৰাঙ্গনত এক সভা অনুষ্ঠিত কৰে ।
হিৰণ্য হাজৰিকাই আঁত ধৰা এই জনাকীৰ্ণ সভাত অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া নিত্যা শইকীয়া, জ্যেষ্ঠ নাগৰিক মুহি দত্ত, ৰাধা শইকীয়া আদি বহু সংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে। সভাত লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা দণ্ডীধৰ মিলিয়ে আঁচনিৰ কাৰিকৰী দিশ সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
মুখ্যমন্ত্ৰী উন্নত পকী পথ আঁচনিৰ অধীনত এই পথচোৱা বৰ্তমানলৈ প্ৰায় ৩.৭৫ ফুটকৈ দুইফালে বহল কৰিব বুলি কয় । ঢকুৱাখনা সমষ্টিৰ বাটমাৰী পৰা ৯.৫ কিলোমিটাৰ নিৰ্মান হ’ব বুলি কৈ সময়মতে প্ৰাককলন অনুসৰি নিৰ্মাণ কৰিবলৈ ৰাইজৰ সহযোগিতা কামনা কৰে ।