/asomiyapratidin/media/media_files/2025/07/14/401-2025-07-14-10-23-36.jpg)
ডিজিটেল সংবাদ, সৰুপথাৰ : সৰুপথাৰত গো হত্যা আৰু গো মাংসৰ বিৰুদ্ধ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সৰুপথাৰ জামে মছজিদ সমাজে। তাৰোপৰি সৰুপথাৰ নগৰৰ জামে মছজিদ সমাজে নিষিদ্ধ কৰিলে গো মাংস।
উল্লেখযোগ্য যে, অসম চৰকাৰৰ "গো" সুৰক্ষা আইন ২০২১ৰ অধীনত "গো" মাংস নিষিদ্ধ কৰা আইনক সৰুপথাৰ জামে মছজিদ সমাজে পূৰ্ণ সমৰ্থন জনায়। আনহাতে সৰুপথাৰ নগৰৰ জামে মছজিদত আটাইকেইখন জামাদ লগ লাগি এখনি ৰাজহুৱা সভাৰ আয়োজন কৰে আৰু সভাতে উক্ত সিদ্ধান্তৰ লগতে কেইবাটাও গুৰুত্বমুলক প্ৰস্তাৱ গ্ৰহণ কৰে।
প্ৰস্তাৱ অনুসৰি যিসকল ব্যক্তিয়ে "গো" মাংসৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে আৰু যিসমূহ হোটেলত "গো" মাংস বিক্ৰী কৰি আছে, সেইসকলক ব্যক্তিক অসম চৰকাৰৰ "গো" মাংস নিষিদ্ধ কৰা আইনখনক সম্পুৰ্ণ মানি চলিবলৈ আহ্বান জনায়।লগতে সকলোকে "গো" মাংসৰ ব্যৱসায় বন্ধ কৰিবলৈ আহ্বান জনায়।
অনাগত সময়ত কোনো লোকে যদি সভাত লোৱা প্ৰস্তাৱসমূহ অমান্য কৰে তেন্তে সেই ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত ল'ব । সৰুপথাৰ টাউন জামে মছজিদৰ প্ৰাংগনত সৰুপথাৰ সমজিলাৰ সকলো মছজিদ/মাদ্ৰাছাৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সমাজত প্ৰচলিত মাদক দ্ৰব্য, কুসংস্কাৰ, বাল্যবিবাহ ,নাৰী শিক্ষা আৰু গো- হত্যাৰ ওপৰতো গুৰুত্বপূৰ্ণ কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে ।
উক্ত সভাতে সৰ্ব সম্মতি ক্ৰমে সৰুপথাৰ সমজিলা মছজিদ সমন্বয় সমিতি নামেৰে ১০১ জনীয়া সমিতি গঠন কৰা হয় ৷