/asomiyapratidin/media/media_files/2025/05/19/Zi4ISM7VeyUPRCPyKYZW.jpg)
ধুবুৰী জিলা আয়ুক্তক অভিযোগ দাখিল ৰাইজৰ
ডিজিটেল সংবাদ, বিলাসীপাৰা : বিলাসীপাৰাৰ কলিয়াৰখাল গাঁওবাসীক এটা নলাই যমৰ যাতনা ভোগাইছে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ তথা দুধনাথ পাহাৰৰ গাতে লাগি থকা গাঁৱখনত সম্প্ৰতি সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ।
যাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ। অভিযোগ অনুসৰি গাঁৱখনৰ পানী নিষ্কাশন কৰা নলাটো এটা পৰিয়ালে বন্ধ কৰি দি সাজিছে নিজৰ ঘৰ। ফলত এজাক বৰষুণ হ’লেই পাহাৰৰ পৰা নামি অহা নিজৰাৰ পানীয়ে প্লাবিত কৰি তোলে গাঁওখন।
উল্লেখযোগ্য যে, বিগত এটা বছৰে বিলাসীপাৰা সমজিলা আয়ুক্তক নলাটো খুলি দি পানী যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আবেদন- নিবেদন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে। পৰিণতিত বাৰিষা ছমাহে গাঁওবাসীয়ে পানীৰ তলত ডুব গৈ থাকিবলগীয়া হোৱাত ভীষণ সমস্যাত ভুগিবলগীয়া হোৱা বুলি জনায়।
উল্লেখযোগ্য যে, চৰকাৰী খাচ মাটিত থকা নলাটো স্থানীয় দুষ্ট প্ৰকৃতিৰ ব্যক্তি এজনে বন্ধ কৰি নিজৰ ঘৰ সাজি বসবাস কৰি আহিছে । সেয়ে ধুবুৰী জিলা আয়ুক্তক অঞ্চলটোৰ পানী নিষ্কাষণ হোৱা নলাটো খুলি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী লোক সকলে ।