/asomiyapratidin/media/media_files/2025/03/05/JtlmjiolIJCbJ0wKHZ1S.jpg)
চিকিৎসালয় ঘেৰাও ক্ষুব্ধ ৰাইজৰ
ডিজিটেল সংবাদ, শিলচৰ : ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসক- নাৰ্ছ থকা বুলি স্বাস্থ্য মন্ত্ৰী অশোক সিংঘালে দাবী কৰাৰ সময়তে পোহৰলৈ আহিছে স্বাস্থ্য খণ্ডৰ পয়ালগা ছবি। চিকিৎসক আৰু নাৰ্ছক বিচাৰি কাছাৰৰ কাটিগৰা গনিৰগ্ৰাম ৰাজ্যিক স্বাস্থ্যকেন্দ্ৰত ৰাইজে হাহাকাৰৰ সৃষ্টি কৰে।
চিকিৎসক তথা চিকিৎসা কৰ্মী বিচাৰি নাপাই চিকিৎসালয়খন ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ক্ষুদ্ধ ৰাইজে। এনে অৱস্থাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হ'ব লগা হয় বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে ৰোগী আৰু স্থানীয় ৰাইজৰ অভিযোগ যে প্ৰায়েই চিকিৎসালয়খনত নাথাকে চিকিৎসক- নাৰ্ছ আৰু একাংশ স্বাস্থ্যকৰ্মী। পুৱা ৮ বজাত চিকিৎসক আৰু নাৰ্ছসকল উপস্থিত হ'ব লাগে যদিও ৯-৩০ বজালৈ এজনো চিকিৎসক- নাৰ্ছ আৰু চিকিৎসাকৰ্মী উপস্থিত নোহোৱাত ক্ষুদ্ধ হৈ পৰে ৰাইজ।
৯-৩০ বজাত এজন চিকিৎসক উপস্থিত হয় যদিও ইনচাৰ্জ চিকিৎসকগৰাকী ১০-০০ বজাত উপস্থিত হয় চিকিৎসালয়খনত। ইয়াকে লৈ পৰিস্থিতি উত্তাল হৈ পৰে। দীৰ্ঘদিন ধৰি চিকিৎসালয়খনত চিকিৎসক -নাৰ্ছ আৰু অন্যান্য চিকিৎসাকৰ্মীসকল দেৰিকৈ আহে বুলিও অভিযোগ ক্ষুদ্ধ ৰাইজৰ।