৯ নৱেম্বৰলৈ বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা

৯ নৱেম্বৰলৈ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ ৰখা হ'ব। এই অনুশীলনত সুবিধা হোৱাকৈ আৰু গুৱাহাটী গে'টৱে মুকলি অনুষ্ঠানৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰীসেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।

New Update
1

ডিজিটেল ডেস্কঃ  আজিৰে পৰা ৯ নৱেম্বৰলৈ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ ৰখাৰ তথা ঘোষণা কৰিছে প্ৰশাসনে। ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ সামৰিক প্রদর্শনৰ অনুশীলনত সুবিধা হোৱাকৈ আৰু গুৱাহাটী গে'টৱে মুকলি অনুষ্ঠানৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰীসেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।

ইফালে বিকল্প হিচাপে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আজিৰে পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ চলাচল কৰিব। ইপিনে, মাছখোৱাৰ লাচিত ঘাটত হ'বলগীয়া ভাৰতীয় বায়ু সেনা দিৱসৰ ফ্লাই পাষ্টৰ বাবে ৮ আৰু ৯ নৱেম্বৰত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

বাণিজ্যিক সামগ্রী কঢ়িওরা বাহন তথা অন্য গধুৰ বাহনক এইচ বি বোড, এ টি ৰোড, ডি জি বোড, এম জি বোড, বি বৰুৱা ৰোড, জি এন বি ৰোডত ৮ আৰু ৯ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ চলাচলৰ অনুমতি দিয়া নহ'ব। 

সেই সময়খিনিত ঠেলা, ৰিক্সা আদি বাহনক এম জি ৰোডত মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলোলৈকে চলাচল কৰাত বাধা আৰোপ কৰা হৈছে। বায়ু সেনাই জাবি কৰা আৰু বিতৰণ কৰা অনুমতিপত্র থকা বাহনৰ বাহিৰে আন কোনো বাহন দিনৰ ১১ বজাৰ পৰা বিয়লি ও বজালৈ সেই অঞ্চলত চলাচল কৰিব নোৱাৰিব।

খানাপাৰাৰ পৰা ভৰলুমুখৰ ফালে অহা সকলো ছিটি বাছ জি এছ ৰোড, এ টি বোড, আঠগাওঁ হৈ গৈ পাণবজাৰৰ আৰ বি আই হৈ ঘূৰিব নোৱাৰিব। ছিটিবাছৰ বাহিৰে জালুকবাৰীৰ পৰা অহা কোনো গধুৰ বাহন মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। এইচ বি বোডত দুয়োপিনে যান-বাহন চলাচল কৰিব পাৰিব।

উত্তৰ গুৱাহাটী