/asomiyapratidin/media/media_files/2025/04/22/JFI7sfW8zNczPZL44Ukm.jpg)
উচ্চ ন্যায়ালয়ত বোমাতংক!
ডিজিটেল ডেস্ক: গুৱাহাটী উচ্চ ন্যায়ালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিলে দুৰ্বৃত্তই। অখ্যাত একাউণ্টৰ পৰা ইমেইলৰ জৰিয়তে লাভ কৰিলে বোমা দিয়াৰ ভাবুকি। ভাবুকিৰ পাছতে মহানগৰ আৰক্ষীৰ মাজত লাগিল হুৱাদুৱা। গুৱাহাটী উচ্চ ন্যায়ালয়ত সৃষ্টি হ'ল আতংকময় পৰিস্থিতিৰ।
মেইল লাভ কৰাৰ পাছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। এই পৰ্যন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদত কোনোধৰণৰ বিস্ফেোৰক সামগ্ৰী লাভ কৰা নাই আৰক্ষীয়ে। আনহাতে মেইল প্ৰেৰণ কৰা আইডিটোৰ সম্পূৰ্ণ তথ্য পৰীক্ষা কৰাৰ লগতে আইডিটোৰ উৎস সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। হাই এলাৰ্টত জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদত।