/asomiyapratidin/media/media_files/2025/12/27/web-zg-2025-12-27-09-13-35.jpg)
ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ঘটনাৰ দ্ৰুত বিচাৰ নিশ্চিত কৰিবলৈ গুৱাহাটী উকিল সন্থাই চৰকাৰৰ ওচৰত এক জোৰদাৰ দাবী উত্থাপন কৰিছে। সন্থাৰ মতে, এই স্পৰ্শকাতৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া এক বিশেষ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে পৰিচালনা কৰিব লাগে।
শনিবাৰে গুৱাহাটী উকিল সন্থাৰ কার্যালয়ত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি সাধাৰণ সম্পাদক অপূর্ব শর্মাই কয়, ফাষ্টট্রেকৰ জৰিয়তে প্রত্যেক দিনেই গোচৰটোৰ শুনানি গ্ৰহণ কৰিলেহে বিচাৰ প্ৰক্ৰিয়া সোনকালে শেষ হ'ব। এই বিচাৰ প্ৰক্ৰিয়াৰ বাবে এখন বিশেষ সমিতি গঠন কৰিবলৈও সন্থাই দাবী উত্থাপন কৰে।
এই সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰি অপূর্ব শর্মাই কয়, গুৱাহাটী উকিল সম্বাই নিজাববীয়াকৈ বিষয়টো নিৰীক্ষণৰ বাবে অধিবক্তাসকলৰ বিশেষ দল গঠন কৰিব। উল্লেখযোগ্য যে ইয়াৰ পূর্বে গুৱাহাটী উকিল সন্থাই চি জে এম আদালত আৰু গুৱাহাটী উকিল সন্থাৰ স্থানীয় ভবন স্থানান্তৰকৰণৰ বিৰুদ্ধে অনশন কার্যসূচী ৰূপায়ণ কৰে।
এই সন্দৰ্ভত উকিল সন্থাৰ সভাপতি প্রদীপ কোৱৰে কয়, যে চি জে এম আদালত আৰু উকিল সন্থাৰ কাৰ্যালয় স্থায়ীভাবে স্থানান্তৰ কৰাত সন্থাৰ আপত্তি নাই। কিন্তু অস্থায়ীভাবে এনেদৰে অধিবক্তা সমাজৰ সৈতে আলোচনা নকৰাকৈ স্থানান্তৰ কৰাত সকলোৰে আপত্তি আছে বুলিও সভাপতিগৰাকীয়ে মন্তব্য করে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us