অনুসূচীত জাতিৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানত কঠোৰ হব চৰকাৰ- পীযুষ হাজৰীকা

অনুসূচীত জাতিৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানত কঠোৰ হব চৰকাৰ- পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
অনুসূচীত জাতিৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানত কঠোৰ হব চৰকাৰ- পীযুষ হাজৰীকা

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যখনত অনুসূচীত জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ ক্ষেত্ৰত ব্যাপক বিসংগতিয়ে গা কৰি উঠা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ বিভিন্ন জিলাত  অনা অনুসূচীত সম্প্ৰদায়ৰ ব্যক্তিয়ে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ লাভৰ বাবে আবেদন কৰা দৃষ্টিগোচৰ হৈছে। অনুসূচীত জাতি সকলৰ এই দীৰ্ঘদিনীয়া সমস্যা সন্দৰ্ভত ১৭ আগষ্টত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।

Advertisment

বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাৰ কাৰ্যালয়ৰ সভাকক্ষত এই গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। সদৌ অসম অনুসূচিত জাতি পৰিষদৰ সভাপতি তথা দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, পৰিষদৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ দাস, সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকা,সহকাৰী সাধাৰণ সম্পাদক নিৰ্জয় দাস,ঢকুৱাখনা জিলা সমিতিৰ সভাপতি ললিত কুমাৰ দাস, দীপা হাজৰিকা,সোনা মেধি সহ মুঠ ১৭খন জিলাৰ সঁজাতি দলে বিভাগীয় মন্ত্ৰী হাজৰীকাক সাক্ষাৎ কৰি এই স্পৰ্শকাতৰ সমস্যা সন্দৰ্ভত বিস্তৃত অভিযোগ উত্থাপন কৰে।

মন্ত্ৰী হাজৰীকাই বিভিন্ন জিলা সমিতিৰ তৰফৰ পৰা এই অভিযোগৰ বিষয়ে অৱগত হৈ এনে অবৈধ প্ৰক্ৰিয়া বিধিগত নীতি নিৰ্দেশনা যোগে প্ৰতিহত কৰাৰ আশ্বাস দিয়ে। বৈঠকত পৰিষদৰ প্ৰতিনিধি সকলক মন্ত্ৰী হাজৰীকাই সংশ্লিষ্ট জিলা প্ৰশাসনে অনুসূচিত জাতি পৰিষদৰ পৰা প্ৰমাণ পত্ৰ প্ৰত্যায়িত কৰাৰ পাছতহে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰিব বুলি নিশ্চয়তা দিয়ে।

বৈঠকত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টাল, অনুসূচিত জাতি আৰু অনান্য পিছপৰা শ্ৰেণীৰ কলাণ সঞ্চালকালয়ৰ সঞ্চালকো উপস্থিত থাকে।বৈঠকত অসমত বসবাস কৰা প্ৰায় ৩৫লাখ অনুসূচিত জাতি লোকসকলৰ সামাজিক,অৰ্থনৈতিক,শৈক্ষিক আৰু ৰাজনৈতিক ভাৱে আজিও সমভাৱে আৰু বিজ্ঞানসন্মত ভাৱে আগুৱাই যাব পৰা নোৱাৰাৰ সমগ্ৰ বিষয় পৰ্য্যালোচনা কৰি এক পতিয়নযোগ্য সমাধান সূত্ৰ উলিওৱাৰ সপক্ষে উভয় পক্ষই মত পোষণ কৰে।

Also Read: ৰাজেন দাসৰ 'আইৰন গাৰ্লছ'লৈ বিচাৰকৰ বিশেষ সন্মান

pijush hazarika