৩৭ টা অত্যাৱশ্যকীয় ঔষধৰ হাৰ নিৰ্ধাৰণ চৰকাৰৰ

শেহতীয়াকৈ ২ জুলাই ২০২৫ শনিবাৰে চৰকাৰে ৩৭টা অত্যাৱশ্যকীয় ঔষধৰ খুচুৰা মূল্য নিৰ্ধাৰণ কৰিছে। দেশৰ শীৰ্ষ ঔষধ প্ৰস্তুত কৰা কোম্পানীসমূহক ঔষধৰ খুচুৰা মূল্য নিৰ্ধাৰণ কৰি দিছে ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ে।

author-image
Asomiya Pratidin
New Update
web ap 1

ডিজিটেল ডেস্ক : শেহতীয়াকৈ ২ জুলাই ২০২৫ শনিবাৰে চৰকাৰে ৩৭টা অত্যাৱশ্যকীয় ঔষধৰ খুচুৰা মূল্য নিৰ্ধাৰণ কৰিছে। দেশৰ শীৰ্ষ ঔষধ প্ৰস্তুত কৰা কোম্পানীসমূহক ঔষধৰ খুচুৰা মূল্য নিৰ্ধাৰণ কৰি দিছে ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ে।

Advertisment

এক চৰকাৰী অধিসূচনাযোগে ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষ চমুকৈ এন পি পি এৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ কথা অৱগত কৰে। উল্লেখযোগ্য মূল্য নিৰ্ধাৰণৰ সিদ্ধান্ত ড্ৰাগছ (মূল্য নিয়ন্ত্ৰণ) আদেশ (ডিপিচিঅ’), ২০১৩ৰ বিধানৰ অধীনত লোৱা হৈছে এই সিদ্ধান্ত। বিশেষকৈ ২০১৩ চনৰ ৩০ মে’ আৰু ২০২২ চনৰ ১১ নৱেম্বৰৰ চৰকাৰী আদেশৰ সৈতে সংগতি ৰাখি ৫, ১১ আৰু ১৫ নং অনুচ্ছেদৰ অধীনত ক্ষমতা প্ৰয়োগ কৰা হৈছে।

চৰকাৰৰ এই সিদ্ধান্তৰ এতিয়া কম খৰচী হ’ব বহুকেইটা ঔষধ।এন্টি-ইনফ্লেমেটৰী, কাৰ্ডিঅ’ভাস্কুলাৰ, এন্টিবায়টিক, এন্টি-ডায়েবেটিক আৰু চাইকিয়াট্ৰিক ঔষধকে ধৰি বহুতো প্ৰকাৰৰ ঔষধ এতিয়া কম দামতে উপলব্ধ হ'ব। 

ঔষধ