বৰমা আঞ্চলিক বাথৌ মহাসভাৰ সোণালী জয়ন্তীৰ দিন সলনি...

উদ্যক্তাই জনোৱা অনুসৰি বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিবেশন আৰু বাথৌ মহাসভাৰ সোণালী জয়ন্তী একে তাৰিখতে হোৱা হেতু বাথৌ মহাসভাৰ দিন সলনি কৰা হৈছে

author-image
Asomiya Pratidin
New Update
bathou

ডিজিটেল সংবাদ, বৰমা : বৰমা বাথৌ মহাসভাৰ সোণালী জয়ন্তী অনুষ্ঠানৰ পূৰ্বৰ নিৰ্ধাৰিত দিন সলনি কৰা হৈছে। এই সোণালী জয়ন্তী উদযাপনৰ দিন ২০২৫ বৰ্ষৰ ১০, ১১ আৰু ১২ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সম্প্ৰতি স্থগিত ৰখা হৈছে । 

উদ্যক্তাই জনোৱা অনুসৰি বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিবেশন আৰু বাথৌ মহাসভাৰ সোণালী জয়ন্তী একে তাৰিখতে হোৱা হেতু বাথৌ মহাসভাৰ দিন সলনি কৰা হৈছে। বড়ো সাহিত্য সভাক সন্মান জনাই বৰমা বাথৌ মহাসভাৰ সোণালী জয়ন্তী অভ্যৰ্থনা সমিতিয়ে ২০২৫ বৰ্ষৰ ৭,৮ আৰু ৯ ফেব্ৰুৱাৰী লৈ পিছুৱাই দিয়া বুলি জনাইছে । উল্লেখ্য যে বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিবেশনখনি এইবাৰ ওদালগুৰি জিলাৰ ডিমাকুছিত অনুষ্ঠিত হ’ব।

barama