Advertisment

বিষ্ণুপুৰ কলিতা গাঁৱত ৰাসলীলাৰ গৌৰৱোজ্বল সোণালী জয়ন্তী মহোৎসৱ

অহা ১৪ নৱেম্বৰ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ ধেমাজি বিষ্ণুপুৰ কলিতা গাঁৱত ৰাইজৰ উদ্যোগত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাৰ গৌৰৱোজ্বল সোণালী জয়ন্তী মহোৎসৱৰ আয়োজন কৰা হৈছে ৷

author-image
Asomiya Pratidin
New Update
ৰাস

ডিজিটেল সংবাদ, ধেমাজি : অহা ১৪ নৱেম্বৰ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ ধেমাজি বিষ্ণুপুৰ কলিতা গাঁৱত ৰাইজৰ উদ্যোগত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাৰ গৌৰৱোজ্বল সোণালী জয়ন্তী মহোৎসৱৰ আয়োজন কৰা হৈছে ৷ কাৰ্য্যসূচী অনুসৰি প্ৰথমদিনা পুৱা ৪-০০ বজাত উষা কীৰ্ত্তনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভণী কৰিব ৷

Advertisment

একেদৰে পুৱা ৬-০০ বজাত সোণালী জয়ন্তীৰ স্মৃতিতোৰণ উন্মোচন কৰা হ। উন্মোচন কৰিব মুক্তিয়াৰ বিষ্ণুপুৰ কলিতা গাঁৱৰ প্ৰিয়ৰাম কলিতাই ৷ পুৱা ৭-০০ বজাত শিক্ষক জয়াৰাম কলিতাৰ পৰিচালনাত সামূহিক চাফাই কৰোৱা হব৷

আনহাতে পুৱা ৭-৩০ বজাত নামঘৰীয়া পদৰাম  কলিতাই বন্তি প্ৰজ্বলনৰ পিছতেই শ্বহীদ তৰ্পন , শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু গছপুলি ৰোপণ কাৰ্য্যসূচী অনুষ্ঠিত হ'ব ৷ পুৱা ৯.৩০ বজাত উদযাপন সমিতিৰ সভাপতি বাপাইকণ কলিতাই ৰাসৰ পতাকা উত্তোলন কৰিব। সমান্তৰালকৈ ৰাসলীলা মহোৎসৱৰ সোণালী জয়ন্তীৰ মূল পতাকা ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰ আৰু লগতে ৪৯ জন গাৱঁৰ বিশিষ্ট  ব্যক্তিয়ে পতাকা উত্তোলন কৰিব ৷

পুৱা ১১-০০ বজাত বস্ত্ৰ ও খাদ্য বিপনী উন্মোচন কৰিব চিচি চাৰি আলি উচ্চতৰ মাধ্যমিক সহকাৰী শিক্ষক নৱ কৃষ্ণ বৰাই ৷ পুৱা ১১-৩০ বজাত নাম প্ৰসঙ্গ ৷ বিয়লি ২-০০ বজাত বাবুল বৰা, সোনাৰাম কলিতা আৰু ৰুদ্ৰ সিং নৰহৰ পৰিচালনাত দলীয় কৃষ্ণ নৃত্য পৰিৱেশন  'ব ৷

বিয়লি ৩-০০ বজাত সাংস্কৃতিক নৃত্য ৷ সন্ধিয়া ৭-০০ বজাত চিনাকী ও সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই সন্ধিয়া ৮-০০ বজাত অতীত ,বৰ্তমানও ভৱিষ্যত বিষ্ণুপুৰ কলিতা গাঁৱখনৰ সম্পৰ্কে এখনি আলোচনা চক্ৰ অনুষ্ঠিত হ'ব ৷ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব খগেশ্বৰ বৰা, নীলমনি ফুকন , দুলাল বৰা, ক্ষীৰেশ্বৰ কলিতা ,বাপাইকণ কলিতা ,খগেন কলিতা আৰু ডিম্বেশ্বৰ কলিতাই ৷

ৰাস