বিশ্বত চাহিদা বৃদ্ধি ভাৰতত নিৰ্মিত বাহনৰ

জাপানকে ধৰি বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশলৈ ৰপ্তানি কৰা হয় ভাৰতৰ নিৰ্মাণ কৰা কেতবোৰ কোম্পানীৰ বাহন। ২০২৫ বিত্তীয় বৰ্ষত প্ৰথমবাৰৰ বাবে ভাৰতে শীৰ্ষ ৫খন দেশলৈ ৰপ্তানি কৰিছে বাহন। ইয়াৰ ভিতৰত শীৰ্ষত আছে জাপান।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বিশ্বব্যাপী চাহিদা বৃদ্ধি পাইছে ভাৰতত নিৰ্মিত বাহনৰ

ডিজিটেল ডেস্ক : বিশ্বব্যাপী আদৰ বাঢ়িছে ভাৰতত নিৰ্মিত বাহনৰ। বৃদ্ধি হৈছে ভাৰতৰ পৰা ৰপ্তানি কৰা বাহনৰ হাৰ। 

Advertisment

জাপানকে ধৰি বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশলৈ ৰপ্তানি কৰা হয় ভাৰতৰ নিৰ্মাণ কৰা কেতবোৰ কোম্পানীৰ বাহন। ২০২৫ বিত্তীয় বৰ্ষত প্ৰথমবাৰৰ বাবে ভাৰতে শীৰ্ষ ৫খন দেশলৈ ৰপ্তানি কৰিছে বাহন। ইয়াৰ ভিতৰত শীৰ্ষত আছে জাপান। জাপানলৈ ভাৰতে সৰ্বাধিক বাহন ৰপ্তানি কৰা বুলি এক প্ৰতিবেদনত উল্লেখ কৰিছে।

উল্লেখযোগ্য যে, ভাৰতত নিৰ্মিত চুজুকি মটৰ কৰ্প আৰু হোণ্ডা কোম্পানীৰ বাহনে বিশ্বব্যাপী বিশেষ আদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই তথ্য সদৰী কৰিছে ছিয়াম সংকলিত বাণিজ্য মন্ত্ৰালয়ে। তথ্য অনুসৰি ২০২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ৯ মাহত জাপানলৈ গাড়ীৰ ৰপ্তানি ৬১৬.৪৫ মিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।

তাৰোপৰি, জানুৱাৰীত মাৰুতি চুজুকিয়ে জাপানলৈ জিমনি এছ ইউ ভিৰ ৰপ্তানি আৰম্ভ কৰাৰ পিছত বিশেষ সফলতা বুটলিবলৈ সক্ষম হৈছে। একেদৰে হোণ্ডা কাৰ্ছ ইণ্ডিয়াৰ ঘৰুৱা বিক্ৰী ২২,৩২১ ইউনিটলৈ বৃদ্ধি হৈছে।

japan