/asomiyapratidin/media/media_files/2025/07/31/ap-for-web-baksa-2025-07-31-20-08-41.jpg)
ডিজিটেল সংবাদ, বাক্সা : ৰাজনৈতিক দল-সংগঠনসমূহে উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে বাক্সা জিলাৰ বিভিন্ন অঞ্চলত চৰ্চালৈ আহিছে ৰমেন মদাহি নামৰ এগৰাকী যুৱ নেতাৰ নাম । জানিব পৰা মতে বাক্সা জিলাৰ ক'কলাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাউখাটা-সাদেৰী অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি চৰকাৰক আবেদন -নিবেদন কৰিও মৃতকৰ দাহন কাৰ্যৰ বাবে লাভ কৰা নাছিল এখন শ্মশান ।
কিন্তু যুৱ নেতা ৰমেন মদাহিয়ে গাঁওখনৰ প্ৰায় পাঁচশটা পৰিয়ালৰ সুবিধাৰ্থে এখন শ্মশান ঘাট নিৰ্মাণ কৰি দিয়ে । তাকে লৈ ৰাইজেও এতিয়া আশীৰ্বাদ দিছে যুৱ নেতাগৰাকীক ।
কাৰ্যতঃ নেতাগৰাকীৰ মহানুভৱতাৰ ফলতে ৰাইজ এতিয়া উপকৃত হৈছে । উল্লেখ্য যে এইগৰাকী ৰমেন মদাহিয়ে লাউখাটা-সাদেৰী গাঁৱত এটি মন্দিৰো নিৰ্মাণ কৰি বদন্যতাৰ পৰিচয় দিছিল । লগতে বিভিন্ন স্থানত নিজৰ জেপৰ টকাৰে পথ মেৰামতি, দলং নিৰ্মাণ ইত্যাদিৰ কামো কৰি আহিছে ।