পুত্ৰক সীমান্তলৈ পঠিওৱা অকলশৰীয়া পিতৃৰ কাষত নগাঁও কলেজৰ ছাত্ৰ আৰু জ্যেষ্ঠ নাগৰিক

পুত্ৰক সীমান্তলৈ পঠিওৱা অকলশৰীয়া পিতৃৰ কাষত মঙলবাৰে থিয় হ’ল নগাঁও কলেজৰ  ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সদস্য ছাত্ৰ, নিঃসংগ জ্যেষ্ঠজনৰ বাবে আশাৰ পোহৰ বিলোৱা "সাৰথি" সময় বেংকৰ নেতৃত্ব দিয়া

author-image
Asomiya Pratidin
New Update
নগাঁও কলেজৰ ছাত্ৰ আৰু জ্যেষ্ঠ নাগৰিকৰ মহানুভৱতা

নগাঁও কলেজৰ ছাত্ৰ আৰু জ্যেষ্ঠ নাগৰিকৰ মহানুভৱতা

ডিজিটেল সংবাদ, নগাঁও : পুত্ৰক সীমান্তলৈ পঠিওৱা অকলশৰীয়া পিতৃৰ কাষত মঙলবাৰে থিয় হ’ল নগাঁও কলেজৰ  ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সদস্য ছাত্ৰ, নিঃসংগ জ্যেষ্ঠজনৰ বাবে আশাৰ পোহৰ বিলোৱা "সাৰথি" সময় বেংকৰ নেতৃত্ব দিয়া অধ্যাপক ভুৱন চন্দ্ৰ চুতীয়া আৰু জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ড ০ শৰৎ বৰকটকী, সাধাৰণ সম্পাদক প্ৰফুল্ল চন্দ্ৰ হাজৰিকা, আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি শিৱানন্দ কাকতি, শিক্ষা সম্পাদক মোহিনী মোহন কাকতি, দ্বীৱেন বৈৰাগী আদি।

Advertisment

নগাঁও চহৰৰ মাজমজিয়াত থকা ৮৫ বছৰীয়া অৱসৰপ্ৰাপ্ত ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া প্ৰাক্তন আয়ুক্ত তথা লেখক চন্দ্ৰ মোহন কাকতি বিশাল ঘৰটোত অকলে থাকে। পত্নীৰ বিয়োগৰ পিছত দুজন পুত্ৰ বোৱাৰীৰ সৈতে আছিল যদিও ডাঙৰ পুত্ৰ চাকৰিৰ বাবে ঘৰৰ পৰা সপৰিয়ালে দূৰত থাকে আৰু সৰু পুত্ৰ সামৰিক বাহিনীৰ চিকিৎসক হিচাপে ঘৰৰ বাহিৰত থাকে। 

যোৱা তিনিদিনৰ আগতে ভাৰত- পাকিস্তান সীমান্তৰ ওচৰৰ অমৃতসৰৰ সেনাৰ ছাউনীলৈ জৰুৰীভাৱে যাব লগা হয় তেওঁৰ সৰু পুত্ৰ। যাৰ বাবে এতিয়া পিতৃ কাকতি অকলশৰী়য়া হৈ পৰিছে। এই খবৰ পোৱাৰ লগে লগে নগাঁও কলেজৰ "টাইম বেংক"ৰ তত্ত্বাৱধায়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই ছাত্ৰৰ সৈতে আৰু নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ড০ বৰকটকী, সাধাৰণ সম্পাদকসহ কাকতিৰ পদূলিত উপস্থিত হয়। 

উল্লেখযোগ্য যে, কাকতিদেৱক সংগ দিবলৈ নগাঁও কলেজৰ ছাত্ৰ এজন নিয়মীয়াকৈ তেখেতৰ ঘৰলৈ যাব আৰু লেখা- মেলাত শ্ৰুতলিপি ল’বলৈ সাজু হৈছে বুলি ড০ চুতীয়াই  জানিবলৈ দিয়ে। তদুপৰি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পৰাও কাকতিদেৱৰ লগত নিঃসংগ সময়ত সাৰথি হিচাপে থাকিব বুলি সভাপতি ড০ বৰকটকীয়ে কয়।

উল্লেখযোগ্য যে নগাঁও কলেজৰ সাৰথি "টাইম বেংক"ৰ লগত জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এক বুজাবুজি চুক্তি অনুসৰি জিলাখনৰ অকলশৰীয়া জ্যেষ্ঠ নাগৰিকসকলক সময় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সম্পৰ্কে এক অকলশৰী়য়াকৈ থকা জ্যেষ্ঠ নাগৰিকৰ তালিকা প্ৰস্তুত কৰিবলৈ জৰীপ আৰম্ভ কৰিছে। 

চন্দ্ৰমোহন কাকতিয়ে নগাঁও কলেজৰ টাইম বেংক আৰু জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এনে উদ্যোগৰ শলাগ লয় আৰু প্ৰত্যককে একোখনকৈ নিজে লিখা কিতাপ উপহাৰ দিয়ে।

nagaon college (autonomous)