ফাটবিহুৰ অস্থায়ী কাৰ্য্যালয়ৰ দ্বাৰ মুকলি…

বিগত শতিকা জোৰা ধাৰাবাহিকতাৰ পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো এই সৰ্ববৃহৎ লোক মহোৎসৱ উদযাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে । অহা ৯, ১০ আৰু ১১ মে'ত তিনিদিনীয়াকৈ ফাটবিহু বাকৰিত অনুষ্ঠিত হ’ব এই সম্প্ৰীতিৰ উৎসৱ।

author-image
Asomiya Pratidin
New Update
ফাটবিহুৰ অস্থায়ী কাৰ্য্যালয়ৰ দ্বাৰ মুকলিফাটফাটবিহুৰ অস্থায়ী কাৰ্য্যালয়ৰ দ্বাৰ মুকলিফাটবিহুৰ অস্থায়ী কাৰ্য্যালয়ৰ দ্বাৰ মুকলিফাটবিহুৰ অস্থায়ী কাৰ্য্যালয়ৰ দ্বাৰ মুকলিবিহুৰ অস্থায়ী কাৰ্য্যালয়ৰ দ্বাৰ মুকলি

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ একক জাতীয় লোক সম্পদ হৈছে ফাটবিহু । শতিকা গৰকা অসমীয়া লোক সংস্কৃতিৰ এই স্বাভিমানী মহোৎসৱ বুলিলেই ঢকুৱাখনাৰ আকাশ- বতাহ উদ্বেলিত হৈ পৰে । প্ৰতিগৰাকী ঢকুৱাখনাবাসীৰ প্ৰাণস্পন্দন এই ফাটবিহুৰ ধাম খুমীয়াত ইতিমধ্যে আচ্ছন্ন হৈছে ঢকুৱাখনা। 

Advertisment

ফাটবিহুৰ অস্থায়ী কাৰ্য্যালয়ৰ দ্বাৰ মুকলি

বিগত শতিকা জোৰা ধাৰাবাহিকতাৰ পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো এই সৰ্ববৃহৎ লোক মহোৎসৱ উদযাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে । অহা ৯, ১০ আৰু ১১ মে'ত তিনিদিনীয়াকৈ ফাটবিহু বাকৰিত অনুষ্ঠিত হ’ব এই সম্প্ৰীতিৰ উৎসৱ। ঐতিহাসিক চাৰিকড়ীয়া নদীৰ পাৰৰ ম’হঘুলি চাপৰিৰ বিহু বাকৰিত অনুষ্ঠিত হ’ব লগা এই  সমন্বয়ৰ উৎসৱ ফাটবিহুৰ ২০২৫ বর্ষৰ উদযাপন সমিতিৰ এক অস্থায়ী কাৰ্য্যালয় শুক্ৰবাৰে বিয়লি  শুভ দ্বাৰ উন্মোচন কৰা হয়। 

ঢকুৱাখনা নগৰ চাৰিআলিত স্থাপন কৰা এই অস্থায়ী কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন কৰে প্ৰবীণ সাংবাদিক কুশল গগৈয়ে । ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া, ভাৰপ্ৰাপ্ত সম্পাদক প্ৰশান্ত হাজৰিকা, উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱা ,সম্পাদক হিতেশ কোঁৱৰৰ লগতে বহু সংখ্যক ফাটবিহু সমিতিৰ বিষয়ববীয়া আৰু  অগণন বিহুবলিয়া ৰাইজৰ উপস্থিতিত অস্থায়ী কাৰ্য্যালয়ৰ ফিটা কাটি উদঘাটন কৰে বিশিষ্ট নাগৰিক গগৈয়ে । 

বিহুৱা বিহুৱতীৰ বিহুনাম,  ঢোল ,পেঁপা ,গগনা আৰু গুমৰাগৰ ছন্দৰ প্ৰাণোচ্ছল পৰিবেশৰ মাজত ফাটবিহুৰ প্ৰাৰম্ভিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰি দ্বাৰ উন্মোচক গগৈয়ে অসমীয়া জাতীয় লোক সংস্কৃতিৰ ইতিহাস  সমৃদ্ধ  কৰি অহা ফাটবিহুৰ  ঐতিহ্য বিচাৰ কৰি এই স্বকীয় লোক সম্পদেৰে ঢকুৱাখনা চিৰন্তন কাললৈ জিলিকি থাকিব বুলি মন্তব্য কৰে  । ফাটবিহু সমিতিৰ  সম্পাদক প্ৰশান্ত হাজৰিকাই আঁত ধৰা কাৰ্য্যালয় উদ্বোধন অনুষ্ঠানত ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই ফাটবিহুৰ অতীত ,বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনা সামৰি বিশ্লেষণাত্মক বক্তব্য  আগবঢ়াই  জাতি ধৰ্ম ,বৰ্ণ ভাষা নিৰ্বিশেষে সমগ্ৰ ঢকুৱাখনাবাসীৰ ঐক্যবদ্ধ হৈ এই একক লোক উৎসৱটি উদযাপনত মাউখে উটি সাফল্যমণ্ডিত কৰাৰ আহ্বান জনায় ।

dhakuakhana