/asomiyapratidin/media/media_files/2025/04/08/oSUbwOcStbJKpHNyQ7Lo.jpg)
ডিজিটেল সংবাদ, নাজিৰা : বাপতিসাহোন ৰঙালী বিহু সমাগত ৷ প্ৰতিগৰাকী অসমীয়া এতিয়া ব্যস্ত বাপতিসাহোন ৰঙালী বিহুক আদৰিবলৈ ৷ পিছ পৰি ৰোৱা নাই নাজিৰাৰ অ’এনজিচিৰ আৱাসিক এলেকাও ।
নাজিৰা অ’এনজিচিৰ কৰ্মচাৰী কল্যাণ সমিতি অসম সম্পদৰ উদ্যোগত বিহুৰ স্বকীয়তাক অক্ষুণ্ণ ৰখা স্বাৰ্থত নাজিৰা অ’এনজিচি আৱাসিক এলেকাৰ ই ডব্লিঅ’ চি হলত ১ এপ্ৰিলৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল বিনামূলীয়া বিহু কৰ্মশালা ৷ ১ এপ্ৰিলৰ পৰা অনুষ্ঠিত কৰ্মশালাখনিৰ সোমবাৰে সামৰণি পৰে। উল্লেখ্য যে, এই বিনামূলীয়া বিহু কৰ্মশালাত অনুষ্ঠিত হৈছিল বিহুনাচ আৰু ঢোল বাদন কৰ্মশালা ৷
উদ্যোক্তাই জনোৱা অনুসৰি, এই বিনামূলীয়া কৰ্মশালাত চাৰি শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। তাৰোপৰি ভালেকেইগৰাকী অভিজ্ঞ প্ৰশিক্ষকে বিহুনাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷