Advertisment

নদুৱাৰত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয় যে, এই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পিছত দুইখন গাঁৱৰ ৰাইজৰ লগতে নাগশংকৰ আৰু বৰভগীয়া দুটাকৈ মৌজাৰ বাসিন্দা সৰ্বসাধাৰণ ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়তৰ সমস্যা সমাধান হ'ব ৷

author-image
Asomiya Pratidin
New Update
d

ডিজিটেল সংবাদ,নদুৱাৰঃ  নদুৱাৰ সমষ্টিৰ অন্তৰ্গত সদাইবৰা আৰু কমলাবাৰী সংযোগী পথৰ মাজত দিকৰাই নদীৰ ওপৰত আজি এখন বৃহৎ পকীৰ দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰি আধাৰশিলা স্থাপন কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই ৷

Advertisment

২ কোটি উনষাঠি লাখ(২.৫৯ লাখ) টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া পকী দলং খনৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণ প্ৰসংগত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয় যে, এই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পিছত দুইখন গাঁৱৰ ৰাইজৰ লগতে নাগশংকৰ আৰু বৰভগীয়া দুটাকৈ মৌজাৰ বাসিন্দা সৰ্বসাধাৰণ ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়তৰ সমস্যা সমাধান হ'ব ৷

বিভাগীয়ভাৱে ১৮ মাহৰ সময়সীমা থকা পকীৰ দলং খনৰ নিৰ্মাণ কাৰ্য্য ক্ষীপ্ৰ গতিত কৰি অতি কম দিনৰ ভিতৰত ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰা ব্যৱস্থা কৰিবলৈ ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে বিধায়ক গৰাকীয়ে ৷

উল্লেখযোগ্য যে, এই দলংখন নোহোৱাৰ বাবেই ৰাইজৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ যোৱা অহাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ আধাৰশিলা অনুষ্ঠানটিত স্থানীয় ৰাইজৰ লগতে গড়কাপ্তানী বিষয়া আৰু চতিয়াৰ পৌৰপতি দ্বীপশিখা সন্দিকৈ, জিলা পৰিষদৰ প্ৰাক্তন সদস্য হিতেশ্বৰ বৰুৱা,আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰা,যুৱসমাজকৰ্মী মনোজ গুপ্তাকে ধৰি বহুকেইগৰাকী গন্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

পদ্ম হাজৰিকা