নগাঁও জিলা আহোম সভাৰ কাৰ্যনিৰ্বাহক সমিতি গঠন

নগাঁও জিলা আহোম সভাৰ কাৰ্যনিৰ্বাহক সমিতি গঠন

ডিজিটেল সংবাদ,নগাঁও : সদৌ অসম আহোম সভাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত দেওবাৰে আহোম সকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ বাবে নগাঁৱৰ হোটেল বিদিশাত এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

চাও ডঃ দিনেশ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে টাই ভাষাত সমূহীয়া প্ৰাৰ্থনা পৰিবেশন কৰে চাও চন্দন গগৈ আৰু সহযোগী সংগীবৃন্দই। সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আঁত ধৰে চাও মহেন্দ্রজিৎ বৰুৱা আৰু সঞ্জীব কুমাৰ বৰাই।

সভাত চাও ডাঃ যোগেন গোহাঁই, গুনীন্দ্ৰনাথ ফুকন, থগিত চন্দ্ৰ বৰুৱা, বিপিন চন্দ্র গগৈ, নিৰূপমা বুঢ়াগোঁহাই, পুষ্পেন্দ্ৰ বৰগোহাঁই, ব্ৰজেন ফুকন, অধিবক্তা নাং বিভা ফুকনে অংশগ্রহণ কৰি দিহা পৰামৰ্শ আগবঢ়ায়।

জিলাখনৰ জখলাবন্ধা ,শিলঘাট, কলিয়াবৰ, পুৰনিগুদাম-মহপৰা, কন্দলী, বামুনী, পাথৰি-দেওধৰ, চাপৰমুখ, ভালুকমাৰী, কামপুৰ, নগাঁও সদৰ আদি বিভিন্ন প্ৰান্তৰ শতাধিক সদস্যই সভাত অংশগ্রহণ কৰে।

জিলাখনৰ বিভিন্ন প্ৰান্তত থকা টাই-আহোম জনগোষ্ঠীৰ ভাষিক,শৈক্ষিক,সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক বিষয়ৰ ওপৰত বিস্তৃত আলোচনা আৰু ইয়াৰ সামগ্ৰিক তথা সৰ্বাংগীন উন্নয়ন কৰিবলৈ জিলাখনৰ আহোম জনগোষ্ঠীৰ জ্ঞাতিবৰ্গক সামৰি চাও নগাঁও জিলা আহোম সভা গঠন কৰা হয়।

সভাৰ সিদ্ধান্ত অনুসৰি চাও দিনেশ হাজৰিকাক সভাপতি ,চাও মহেন্দ্রজিৎ বৰুৱাক সাধাৰন সম্পাদক ,গুনীন্দ্ৰ নাথ ফুকনক মুখ্য উপদেষ্টা আৰু লক্ষী চেতিয়াক মুখ্য প্ৰচাৰ সম্পাদক হিচাপে লৈ নগাঁও জিলা আহোম সভাৰ ৪১ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।

নগাঁও জিলা আহোম সভাৰ কাৰ্যনিৰ্বাহক সমিতি গঠন
অৰুণাচল নিৰ্বাচনঃ লিকাবালিত তৃতীয় বাৰৰ বাবে বিধায়ক হ'ল কৰ্দু নিকিয়াৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in