বহু জল্পনাৰ অন্তত গঠন হ'ল দৰং জিলা পৰিষদ

অৱশেষত গঠন হ’ল দৰং জিলা পৰিষদ। মঙলবাৰে গঠন কৰা হয় জিলা পৰিষদখন। এই অনুসৰি সভাপতি হিচাপে নিৰ্বাচিত হয় হাউলী জিলা পৰিষদ সমষ্টিৰ সদস্যা শেৱালী গোস্বামী কলিতা ৷

author-image
Asomiya Pratidin
New Update
06

ডিজিটেল সংবাদ, মঙলদৈ : অৱশেষত গঠন হ’ল দৰং জিলা পৰিষদ। মঙলবাৰে গঠন কৰা হয় জিলা পৰিষদখন। এই অনুসৰি সভাপতি হিচাপে নিৰ্বাচিত হয় হাউলী জিলা পৰিষদ সমষ্টিৰ সদস্যা শেৱালী গোস্বামী কলিতা ৷ একেদৰে উপ-সভাপতি হিচাপে নিৰ্বাচিত হয় কুৰুৱা- হাজৰিকাপাৰা জিলা পৰিষদ সমষ্টিৰ সদস্যা পৰিস্মিতা নাথ ৷

উল্লেখযোগ্য যে, দৰং জিলা পৰিষদৰ দুয়োখন আসন মহিলাৰ বাবে সংৰক্ষিত আছিল ৷ ১২খন আসন থকা দৰং জিলা পৰিষদৰ ৬ খন বিজেপি, ১ খন অগপ, ৪ খন কংগ্ৰেছ আৰু ১ খন আসন ৰাইজৰ দলে লাভ কৰিছিল ৷

মঙ্গলবাৰে আনুষ্ঠানিক শপত গ্ৰহণৰ পিছতে সভাপতি হিচাপে বিজেপি দলৰ পৰা শেৱালী গোস্বামী কলিতা আৰু উপ-সভাপতি হিচাপে পৰিস্মিতা নাথৰ নাম প্ৰস্তাৱ কৰাৰ বিপৰীতে কংগ্ৰেছে সভাপতি হিচাপে মুক্তা দেৱী মণ্ডলক আৰু উপ-সভাপতি হিচাপে নিলোৱাৰা ইয়াচমিন প্ৰস্তাৱ কৰে যদিও গোপন ভোটত বিজেপিয়ে ৭ টাকৈ কংগ্ৰেছে ৪ টাকৈ আৰু এটা ভোট বাঢ়ে। শেষত সভাপতি হিচাপে শেৱালী গোস্বামী কলিতা আৰু উপ-সভাপতি হিচাপে পৰিস্মিতা নাথ নিৰ্বাচিত হয়।

দৰং