/asomiyapratidin/media/media_files/2025/06/10/Gvp22owBypg6ZFYxcbn9.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ : “প্ৰধানমন্ত্ৰী মোদীৰ পদাংক অনুসৰণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিছুমান অভূতপূৰ্ব উন্নয়নৰ কাম কৰিবলৈ সক্ষম হৈছে । কিন্তু উন্নয়নৰ ধাৰা আৰম্ভ হৈছিল তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত” — এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ৷ মঙলবাৰে আবেলি শিৱসাগৰত এখন সংবাদমেল সম্বোধন কৰি তেওঁ এই মন্তব্য কৰে ৷
দিলীপ শইকীয়াই কয়- আমাৰ দেশত উন্নয়নৰ জাগৰণ আহিছে ৷ আজিৰ পৰা ১১ বছৰ পূৰ্বে ভাৰতবৰ্ষই এজন সুশাসক লাভ কৰিছিল । যাৰ বাবে আজি ভাৰতবৰ্ষ বিশ্বৰ চতুৰ্থ বৃহৎ শক্তিত পৰিণত হৈছে । প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গৰীব কল্যাণ ,মহিলা সবলীকৰণৰ লগতে বিশ্বত দেশে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।
তেওঁ আৰু কয়- প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কৃষি আৰু উদ্যোগৰ ক্ষেত্ৰত দেশে উন্নয়নৰ দিশত আগবাঢ়িছে । ইউ পি এ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি দিলীপ শইকীয়াই কয় ইউ পি এ চৰকাৰৰ দিনত পলিচি পেৰেলাইজ হৈছিল ৷ তেনে অৱস্থাৰ পৰা দেশৰ ১৫০ কোটি জনগণৰ আস্থা আৰু বিশ্বাসক গুৰুত্ব প্ৰদান কৰি দেশক উন্নয়নৰ দিশত আগুৱাই নিবলৈ প্ৰধানমন্ত্ৰী গৰাকী সক্ষম হৈছে ।
গৰীব কল্যাণৰ দিশত চৰকাৰে সফলতা লাভ কৰিছে । দেশত বি জে পি চৰকাৰ অহাৰ পূৰ্বে ২৭.১ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল । প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ সংখ্যা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে । অৰ্থাৎ বৃহৎ সংখ্যক লোক দৰিদ্ৰতাৰ পৰা মুক্ত হ’ল বুলি তেওঁ কয় ৷
সাংসদ শইকীয়াই লগতে কয়- এতিয়া দেশৰ ৮১ কোটি জনসাধাৰণে বিনামূলীয়া ৰেচন পাবলৈ সক্ষম হৈছে । ৬০ বছৰত কংগ্ৰেছে ৩৪৭ খনহে চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। কিন্তু বিজেপি চৰকাৰৰ দিনত ৭১৪ খন চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছে । প্ৰধানমন্ত্ৰীৰ পৰিকল্পনা অনুসৰি ৫৭ কোটি লোকৰ বেংক একাউণ্ট খোলা হৈছিল ৷ ইয়াৰ ভিতৰত ৪৭ কোটি বেংক একাউণ্ট মহিলাৰ । এই ব্যবস্থাৰ জৰিয়তে মহিলাসকলৰ অৰ্থনৈতিক অবস্থাৰ পৰিৱৰ্তন হৈছে ।
দেশৰ দুখীয়া তথা গৃহহীন লোকসকলৰ বাবে ৪ কোটি প্ৰধানমন্ত্ৰী আবাসগৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয় ।দেশৰ ২.৪৮ লাখ গাঁৱত অপ্তিকেল ফাইবাৰৰ জৰিয়তে ইণ্টাৰনেট সংযোগ দিবলৈ সক্ষম হৈছে । গাখীৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ভাৰতে বিশ্বৰ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ।
দিলীপ শইকীয়াই কয় সাবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল সন্ত্ৰাসবাদৰ বিৰুদ্ধে বি জে পি চৰকাৰৰ শূন্য সহনশীল নীতি । মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত অসমত ৬ খন চিকিৎসা মহাবিদ্যালয় ১৯ খনলৈ বৃদ্ধি হৈছে । ইয়াৰে ১৩ খন চিকিৎসা মহাবিদ্যালয় সক্ৰিয় । সেইদৰে অভিযান্ত্ৰিক আৰু অন্যান্য শিক্ষা ক্ষেত্ৰত অসম ক্ৰমাৎ আগুৱাই গৈছে ৷
তাৰোপৰি কংগ্ৰেছ নেতা তথা প্ৰাক্তন সভাপতি ভূপেন বৰাৰ বিজেপিত যোগদান সম্পৰ্কত ৰাজ্যিক সভাপতি শইকীয়াই কয়- আমাৰ দলত সকলোৰে বাবে দুৱাৰ খোলা কিন্তু কিছুমান মানুহৰ বাবে দুৱাৰ খোলা নহয়। উল্লেখযোগ্য যে, সংবাদমেলত প্ৰাক্তন সাংসদ তপন গগৈ,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী , থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু জিলা পৰ্যায়ৰ নেতা -পালিনেতাসকল উপস্থিত থাকে ।