প্ৰথমগৰাকী দৃষ্টিহীন ভাৰতীয় মহিলাৰ এভাৰেষ্ট জয়

৮ বছৰ বয়সতে দৃষ্টিশক্তি হেৰুওৱা হিমাচল প্ৰদেশৰ জনজাতি মহিলা চনজিন আংমোৱে যোৱা সোমবাৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰে

author-image
Asomiya Pratidin
New Update
প্ৰথমগৰাকী দৃষ্টিহীন ভাৰতীয় মহিলাৰ এভাৰেষ্ট জয়

ডিজিটেল ডেস্ক : ৮ বছৰ বয়সতে দৃষ্টিশক্তি হেৰুওৱা হিমাচল প্ৰদেশৰ জনজাতি মহিলা চনজিন আংমোৱে যোৱা সোমবাৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰে। ৰাজ্যখনৰ ভাৰত- তিব্বত সীমান্তৱৰ্তী চাংগো গাঁৱৰ বাসিন্দা আংমোৱে যোৱা সোমবাৰে প্ৰথম দৃষ্টিহীন মহিলা হিচাপে বিশ্বৰ সৰ্বোচ্চ শৃংগটো আৰোহণ কৰি অভিলেখ গঢ়ে।

Advertisment

ইয়াৰ পূৰ্বে এতিয়ালৈকে বিশ্বৰ চাৰিগৰাকী দৃষ্টিহীন ব্যক্তিয়েহে এভাৰেষ্ট শৃংগ জয় কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, দিল্লীত ইউনিয়ন বেংক অৱ ইণ্ডিয়াত কৰ্মৰত আংমোৱে দৃষ্টিশক্তি হেৰুৱালেও শিক্ষালাভৰ ক্ষেত্ৰত পিচহোঁহকা নাছিল।

Mount Everest