জুবিন হত্যাকাণ্ডঃ আজি চেছন আদালতত প্ৰথমটো শুনানি

বৰ্তমান বাক্সা আৰু হাফলং উপ-কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা গোচৰটোৰ ৭ অভিযুক্তক আজি ভাৰ্চুৱেল মাধ্যমৰে আদালতত হাজিৰ কৰোৱা হ'ব। এই অভিযুক্তসকলৰ ভিতৰত আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ...

New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  সমগ্ৰ অসমবাসীক মৰ্মাহত কৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াই আজি এক নতুন গতি লাভ কৰিব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত প্ৰথমটো শুনানি অনুষ্ঠিত হ’ব।

জানিব পৰা মতে, বৰ্তমান বাক্সা আৰু হাফলং উপ-কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা গোচৰটোৰ ৭ অভিযুক্তক আজি ভাৰ্চুৱেল মাধ্যমৰে আদালতত হাজিৰ কৰোৱা হ'ব। এই অভিযুক্তসকলৰ ভিতৰত আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ দুই ব্যক্তিগত দেহৰক্ষী।

যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ইতিমধ্যে হত্যা সম্পৰ্কীয় ধাৰা সন্নিৱিষ্ট কৰা হৈছে, সেয়েহে যোৱা ১৬ ডিচেম্বৰত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে সমগ্ৰ গোচৰটো অধিক বিচাৰৰ বাবে চেছন আদালতলৈ প্ৰেৰণ কৰিছিল। সেই অনুসৰি আজি চেছন আদালতত শুনানি প্ৰক্ৰিয়া আৰম্ভ হ’ব।

জুবিন গাৰ্গ