পঞ্চম পূৰৱী বৰমুদৈ স্মাৰক বক্তৃতা সম্পন্ন

কবিতা অধ্যয়ন গোটে ১৫ জুলাই তাৰিখ মঙলবাৰে সন্ধিয়া গুগুলমীট মাধ্যমত আয়োজন কৰা পঞ্চম পূৰৱী বৰমুদৈ স্মাৰক বক্তৃতা অনুষ্ঠানটি সফলতাৰে অনুষ্ঠিত হৈ যায়।

author-image
Tushar Pratim
New Update
পঞ্চম পূৰৱী বৰমুদৈ স্মাৰক বক্তৃতা সম্পন্ন

ডিজিটেল সংবাদ ডিব্ৰুগড়: কবিতা অধ্যয়ন গোটে ১৫ জুলাই তাৰিখ মঙলবাৰে সন্ধিয়া গুগুলমীট মাধ্যমত আয়োজন কৰা পঞ্চম পূৰৱী বৰমুদৈ স্মাৰক বক্তৃতা অনুষ্ঠানটি সফলতাৰে অনুষ্ঠিত হৈ যায়। "পাঠ আৰু আন্তঃপাঠ: নিৰ্বাচিত উপন্যাসৰ আলোচনা" শীৰ্ষক বক্তৃতাটি প্ৰদান কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° লক্ষীপ্ৰিয়া গগৈয়ে।

Advertisment

নিজৰ বক্তৃতাত ড° গগৈয়ে অসমীয়া আৰু বিদেশী কেইবাখনো উপন্যাসৰ প্ৰসংগৰে পাঠ আৰু আন্তঃপাঠৰ ধাৰণাটো অতি প্ৰাঞ্জল ভাষাত আলোচনা কৰে। মূল বক্তৃতাৰ আগে আগে সাহিত্য একাডেমী বঁটা বিজয়ী ঔপন্যাসিক জয়ন্ত মাধৱ বৰাই এটি সাৰুৱা ভাষণেৰে বক্তৃতা অনুষ্ঠানটি উদ্বোধন কৰে।

ঔপন্যাসিক বৰাই তেওঁৰ উদ্বোধনী ভাষণত পূৰৱী বৰমুদৈকো শ্ৰদ্ধাৰে স্মৰণ কৰে। কবি, অনুবাদক ড° কল্যাণ ভূঞাই পৰিচালনা কৰা বক্তৃতা অনুষ্ঠানটিত আৰম্ভণি বক্তব্য আগবঢ়ায় কবি, লেখক প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে। 

আৰম্ভণি বক্তব্যত ভাগৱতীয়ে পূৰৱী বৰমুদৈৰ জীৱন আৰু কৃতিৰ ওপৰত চমুকৈ আলোকপাত পাৰে। অনুষ্ঠানত পূৰৱী বৰমুদৈৰ সহধৰ্মী তথা সমালোচক ড° আনন্দ বৰমুদৈয়ে পৰিয়ালৰ তৰফৰপৰা একাষাৰ আগবঢ়ায়।

° পৰমানন্দ মহন্ত, চেনীৰাম গগৈ, ° অনুৰাধা শৰ্মা, ° ফৰিদা আহমেদ, ডা: ইণ্টিকাবুৰ ৰহমান, সত্যজিৎ গগৈ, বীৰেন গগৈকে ধৰি অসমৰ ভালেমান বিশিষ্ট লেখক-সাহিত্যিক বক্তৃতা অনুষ্ঠানটিত উপস্থিত থাকে।

বক্তৃতানুষ্ঠান