/asomiyapratidin/media/media_files/2025/06/07/QUan6rgevJWTqQNmKjhb.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : সদৌ অসম সোণোৱাল- কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিশেষ অভিনন্দন অনুষ্ঠান। অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিশেষ সাফল্য লাভ কৰা পৰীক্ষাৰ্থীসকলক জনোৱা হয় অভিনন্দন।
সংগঠনটোৰ ধেমাজি জিলাৰ সভাপতি মৃদুপৱন সোণোৱালৰ সঞ্চালনাত আৰু সম্পাদক দুলেন সোনোৱালে আঁত ধৰা সভাখনত আদৰণী ভাষণ আগবঢ়াই ছাত্ৰ সংগঠনটোৰ সম্পাদক পৰীক্ষিত সোনোৱালে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু।
ডা০ পেগুৱে এটা পৰীক্ষাত ভাল ফলাফল কৰি সম্বৰ্ধিত হ'লেই অহংকাৰী নহ'বলৈ আহ্বান জনায়। সাফল্যৰ ধাৰাবাহিকতা অক্ষত ৰাখিব পৰাটোহে মূল কথা বুলি মন্তব্য কৰি একোজন বিদ্যাৰ্থীক পাঠ্যপুথিৰ বাহিৰলৈ গৈ প্ৰয়োজনীয় দক্ষতা অৰ্জন কৰি যুগৰ সৈতে ফেৰ মাৰি চলিবলৈ সাজু হোৱাৰ আহ্বান জনায়।
সভাত নৰ্থ বেংক কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ লবৰাম সোণোৱাল, সোণোৱাল কছাৰী পৰিষদৰ প্ৰমুখ টংকেশ্বৰ সোণোৱাল, কাৰ্যবাহী সদস্যা ড০ নন্দিনী ডেকা বৰুৱা আৰু প্ৰশান্ত সোণোৱাল, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া নৱ ডেকা বৰুৱা, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেং,সোণোৱাল কছাৰী সাহিত্য সভাৰ সম্পাদক মৃদুল সোণোৱাল, স্বাস্থ্য বিষয়া ডা০ যোগেন দাস, বিশিষ্ট সমাজ সেৱক বাবুল সোণোৱাল, সমাজ কৰ্মী পদ্ম বড়া, কমল সোণোৱাল, প্ৰভাত সোণোৱাল, অণিমা বৰশইকীয়া,ৰুমা শইকীয়া, ছাত্ৰ কৰ্মী ৰাজু সোণোৱাল,চন্দন সোণোৱাল,চন্দন কছাৰী,বিষ্ণু ডেকা বৰুৱা আদি বহু বিশিষ্ট লোক উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি গঠনমূলক পৰামৰ্শৰে সাৰুৱা ভাষণ প্ৰদান কৰে।
উল্লেখযোগ্য যে, সভাৰ মাজতে অভিনন্দন অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰকাশিত "প্ৰভাতি সূৰুয" নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখিকা নিবেদিতা বৰা সন্দিকৈয়ে। ইয়াৰ পিছতে চাৰি শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক জনোৱা হয় অভিনন্দন। তেওঁলোকৰ উজ্বল ভৱিষ্যত কামনা কৰি একোখন কৈ প্ৰশস্তি পত্ৰ, স্মৃতি গ্ৰন্থ আৰু গামোচা প্ৰদান কৰা হয় ।