ঢকুৱাখনাত জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যৰ ব্যতিক্ৰমী পদক্ষেপ…

এগৰাকী নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি । ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত হাৰ্হি-মাতমৰা জিলা পৰিষদ সমষ্টিৰ পৰা বিজয়ী হোৱা এইগৰাকী বিজেপি দলৰ জিলা পৰিষদৰ সদস্যৰ এক ব্যতিক্ৰমী পদক্ষেপে শত সহস্ৰজনৰ দৃষ্টি কাঢ়িছে ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যৰ ব্যতিক্ৰমী পদক্ষেপ

ডিজিটেল সংবাদ, ঢকুৱাখনা : এগৰাকী নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি । ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত হাৰ্হি-মাতমৰা জিলা পৰিষদ সমষ্টিৰ পৰা বিজয়ী হোৱা এইগৰাকী বিজেপি দলৰ জিলা পৰিষদৰ সদস্যৰ এক ব্যতিক্ৰমী পদক্ষেপে শত সহস্ৰজনৰ দৃষ্টি কাঢ়িছে ।

Advertisment

ঢকুৱাখনাৰ নৱনিৰ্বাচিত এই যুৱ প্ৰতিনিধিগৰাকীৰ নাম প্ৰণৱ পেগু । হাৰ্হি মাতমৰা জিলা পৰিষদৰ সদস্য হিচাপে জয়ী হোৱাৰ পৰৱৰ্তী সময়ত প্ৰণৱে অন্য নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ দৰে সম্বৰ্ধিত হোৱাত ব্যস্ত হৈ পৰাৰ পৰিৱৰ্তে পুৱাৰ পৰা বিয়লিপৰ্যন্ত নিজা সমষ্টিৰ বয়োজ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ আৰু শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক সেৱা জনাই, গামোচা পিন্ধাই আশীৰ্বাদ গ্ৰহনত ব্ৰতী হৈছে । 

প্ৰতিনিধিগৰাকীৰ নিজস্ব উদ্যোগত ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি মিগম পেগুৰ সহযোগত জিলা পৰিষদ সমষ্টিটোৰ হাৰ্হি, শিঙিয়া, পূব ঢকুৱাখনা, মাতমৰা, খেৰকটা আৰু উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ বয়োজ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে সোমাই  গামোচা পিন্ধাই , মিঠাই খুৱাই আশীৰ্বাদ গ্ৰহণ কৰে আৰু অনাগত কাৰ্যকাল শৃংখলিত আৰু সাৰ্বজনীনভাৱে পৰিচালনা কৰাত দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায় । 

তাৰোপৰি পেগুৱে সমষ্টিটোৰ সকলো শিক্ষানুষ্ঠানত উপস্থিত হৈ সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি উৎকৃষ্ট মানৱ সম্পদ গঢ়াৰ নিৰন্তৰ খনিকৰ শিক্ষাগুৰু আৰু কৰ্মচাৰীসকলক কৃতজ্ঞতা জনাই গামোচা পিন্ধাই মিঠাই টোপোলা বিতৰণ কৰি এই ক্ষেত্ৰত তেওঁৰ কৰণীয়তা সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰে । সমৰ্দ্ধিত হোৱাতকৈ সম্বৰ্ধনা জনাই জিলা পৰিষদ সমষ্টিটোত এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি বৃহস্পতিবাৰে এই কাৰ্যসূচী সামৰণি মাৰে ।

সংবাদমাধ্যমৰ আগত সমষ্টিবাসীৰ অভাৱ সমস্যাৰ প্ৰতি দায়বদ্ধ আৰু অধিক সংবেদনশীল হৈ সেৱা আগবঢ়াই যাব বুলি জানিবলৈ দি পেগুৱে এইক্ষেত্ৰত দল মত নিৰ্বিশেষে সমষ্টিবাসীৰ গঠনমূলক পৰামৰ্শ কামনা কৰে ।

ঢকুৱাখনা