চৌদি আৰৱত জিলিকিল ভাৰতীয় সংস্কৃতি...

২০২৩ চনত প্ৰথমবাৰৰ বাবে এই মহোৎসৱৰ আয়োজন কৰা হৈছিল। এই মহোৎসৱৰ সময়ত চৌদি আৰৱত বাস কৰা প্রবাসী ভাৰতীয়সকলে শাস্ত্রীয় নৃত্য, সংগীত, লোককলা আৰু ব্যঞ্জন পৰম্পৰাৰ সৈতে জড়িত বিভিন্ন অনুষ্ঠানত অংশগ্রহণ কৰিব।

New Update
1

ডিজিটেল ডেস্কঃ চৌদি আৰবত জিলিকিছে ভাৰতীয় সংস্কৃতি। দেশখনৰ ৰাজধানী ৰিয়াধত থকা ভাৰতীয় দূতাবাসে আজিৰে পৰা তৃতীয় 'প্রবাসী পৰিচয়' শীর্ষক সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰিছে।

২০২৩ চনত প্ৰথমবাৰৰ বাবে এই মহোৎসৱৰ আয়োজন কৰা হৈছিল। মহোৎসৱৰ সময়ছোৱাত চৌদি আৰৱত বাস কৰা প্রবাসী ভাৰতীয়সকলে শাস্ত্রীয় নৃত্য, সংগীত, লোককলা আৰু ব্যঞ্জন পৰম্পৰাৰ সৈতে জড়িত বিভিন্ন অনুষ্ঠানত অংশগ্রহণ কৰিব। 

উল্লেখযোগ্য যে, এইবেলি এই মহোৎসৱত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰম্পৰাগত সংস্কৃতিৰ লগতে গীতা মহোৎসৱৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তিনি নৱেম্বৰত সামৰণি পৰিবলগীয়া এই সাংস্কৃতিক মহোৎসৱত ভাৰতৰ বৈচিত্র্যপূর্ণ ঐতিহ্য প্রদর্শন কৰা হ'ব।

ভাৰতীয় দূতাবাস