নামৰূপত পুনৰ তিনিটাকৈ ঘৰ ভাঙিলে বনৰীয়া হাতীয়ে...

ভুক্তভোগীক ক্ষতি পূৰণ দিয়াৰ লগতে খণ্ড বন বিষয়াক বদলিৰ দাবী স্থানীয় ৰাইজৰ

author-image
Asomiya Pratidin
New Update
নামৰূপত পুনৰ তিনিটাকৈ ঘৰ ভাঙিলে বনৰীয়া হাতীয়ে...

NAMRUP

ডিজিটেল সংবাদ, নামৰূপঃ শুক্ৰবাৰে নিশা নামৰূপস্থিত দিল্লী খণ্ড বন কাৰ্যালয়ৰ এলেকাৰ অন্তৰ্গত ৩ টাকৈ ঘৰ ভাঙি তহিলং কৰে বনৰীয়া হাতীয়ে। নিশা প্ৰায় ১ বজাত  হাতীৰ জাকটোৱে নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ সমীপৰ লাচিত গাঁৱৰ জনক সিঙৰ ঘৰ  ভাঙে।

ইয়াৰ পিছতে  জংগী হৈ পৰা জাকটোৱে নামৰূপ পৌৰসভাৰ ৯ নং ৱাৰ্ডত প্ৰৱেশ কৰি বিচু দাস গুপ্তা, কানু গ'ৰিতৰ ঘৰ ভাঙি সামগ্রী লণ্ডভণ্ড কৰে। লক্ষণীয় যে, গাৱঁৰ একাংশ ৰাইজে  হাতী অহাৰ আশংকাত পহৰা দি আছিল যদিও উপযুক্ত পোহৰ, ট'ৰ্ছ  লাইট আদি আৰু হাতী খেদিব পৰা কোনো  ব্যৱস্থা নথকাৰ বাবে হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম নহ'ল। 

সৌভাগ্যক্ৰমে ঘটনাস্থলীৰ পৰা শিশু মহিলা সহ প্ৰাণ লৈ পলাবলৈ সক্ষম হয়। যোৱা ২১ ছেপ্টেম্বৰ পৰা প্ৰতিদিনে উক্ত এলেকাত বনৰীয়া হাতীয়ে ভয়ানকভাৱে তাণ্ডৱ চলাই ৬টাকৈ ঘৰ ভাঙিলে।

তাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ মহাপ্ৰবন্ধক মহম্মদ জাকিৰে  হাতীৰ উপদ্ৰপৰ বিষয়ে অৱগত কৰি ডিব্ৰুগড় বন প্ৰাধিকাৰী বিষয়া  বি ভি সন্দ্বীপ আৰু নামৰূপস্থিত দিল্লী খণ্ড বন বিষয়া চিৰন্তন সোনোৱাললৈ এক পত্ৰ প্ৰেৰণ কৰিছে । ইফালে স্থানীয় ৰাইজে গৃহহীন সকলক ক্ষতিপূৰণ দিবলৈ বন বিভাগক দাবী জনোৱাৰ লগতে নিয়মীয়া তহলদাৰী  দিবলৈ দাবী তোলে ভুক্তভোগী ৰাইজে।

namrup